কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত প্ৰতিবাদী কাৰ্য্যসূচী...

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত প্ৰতিবাদী কাৰ্য্যসূচী...

Published on

ডিজিটেল সংবাদ, বটদ্ৰৱা: "ৰাষ্ট্ৰজুৰি চলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰীৰ দৰমহা আৰু সেৱাৰ চৰ্তত বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদৰ লগত সংগতি ৰাখি যোৱা ১৬ জুলাইত শিমলুগুৰি স্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱটো প্ৰতিবাদ সাব্যস্ত কৰা হয়। এই প্ৰতিবাদত কৰ্মচাৰীসকলে ক’লা বেজ পিন্ধি দীৰ্ঘদিনীয়া দাবী পূৰণৰ দাবী জনায়।

উল্লেখযোগ্য যে ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ (ICAR)ৰ ৯৬ সংখ্যক প্ৰতিষ্ঠা আৰু প্ৰযুক্তি দিৱস উদযাপনৰ লগত সংগতি ৰাখি এই প্ৰতিবাদ সাব্যস্ত কৰা হয় বুলি জানিব পৰা গৈছে। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ দ্বাৰা পৰিচালিত কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰীৰ দৰমহা, সেৱাৰ অৱস্থা, পদোন্নতি, অৱসৰৰ পিছৰ সুবিধা, মৃত্যুৰ ক্ষতিপূৰণ আৰু অন্যান্য সুবিধাৰ পক্ষপাতিত্বমুলক বৈষম্যৰ বিৰুদ্ধে দেশজুৰি এই প্ৰতিবাদ হৈছে।

কৃষি বিজ্ঞান কেন্দ্ৰসমূহে গ্ৰাম্য লোকসকলৰ বাবে জ্ঞান আৰু পৰামৰ্শ কেন্দ্ৰ হিচাপে কাম কৰি অহাৰ লগতে নতুন কৃষি প্ৰযুক্তি হস্তান্তৰ, সম্প্ৰসাৰণ সেৱা আৰু প্ৰযুক্তি জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত বিগত ৫ দশক ধৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তথাপিও কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰীসকল দৰমহাৰ সুবিধা, পদোন্নতি, সেৱাৰ নিয়ম, আৰু অৱসৰৰ পিছৰ সুবিধাৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হৈ আহিছে।

১৬ জুলাইত প্ৰতিবাদী কাৰ্য্যসূচীত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পথাৰ শষ্য বিশেষজ্ঞা ড০ বন্তি গগৈ, উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকা, ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, প্ৰকল্প সহযোগী ৰূপক কুমাৰ টায়ে, পাম পৰিচালক শংকু মনি শৰ্মাকে আদি কৰি কেন্দ্ৰটিৰ সকলো বিজ্ঞানী তথা কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিবাদস্থলীৰ পৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনাইছে যাতে তেওঁলোকে কৃষকৰ স্বাৰ্থত দুগুণ উৎসাহেৰে কাম কৰি কৃষকৰ আৰু অধিক উন্নতি সাধন কৰিব পাৰে। কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰি সকলোৰে বাবে ন্যায্য ব্যৱহাৰ নিশ্চিত কৰিবলৈও আহ্বান জনাইছে।

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত প্ৰতিবাদী কাৰ্য্যসূচী...
প্ৰতিদিনে দ্ৰুতগতিত বাঢ়িছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in