লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰীৰ হাতত ত্ৰিৰংগা লৈ অভিনৱ প্ৰতিবাদ...

লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰীৰ হাতত ত্ৰিৰংগা লৈ অভিনৱ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰীৰ হাতত ত্ৰিৰংগা লৈ অভিনৱ প্ৰতিবাদ...

লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰীৰ হাতত ত্ৰিৰংগা লৈ অভিনৱ প্ৰতিবাদ...

ডিজিটেল সংবাদ নগাঁও : দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত নগাঁৱত হাতত জাতীয় পতাকা লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে লোকনিৰ্মাণ বিভাগৰ নগাঁৱৰ এগৰাকী জ্যেষ্ঠ কৰ্মচাৰীয়ে । লোকনিৰ্মাণ বিভাগৰ নগাঁও পথ সংমণ্ডলৰ যান্ত্ৰিক শাখাৰ দুলাল বৰা নামৰ কৰ্মচাৰীগৰাকীয়ে বুধবাৰে বিয়লি সাব্যস্ত কৰিলে মৌন প্ৰতিবাদ ।

মুখত ক'লা কাপোৰ বান্ধি নিজ কাৰ্যালয়ৰ সন্মুখত হাতত ত্ৰিংৰাগা আৰু দেহত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আঁৰি চৰকাৰী পক্ষৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে শাখা সহায়ক হিচাপে কৰ্মৰত কৰ্মচাৰী গৰাকীয়ে । ১৯৮৭ চনতেই মাষ্টাৰৰোল কৰ্মী হিচাপে যোগদান কৰা কৰ্মচাৰীগৰাকীৰ শাখা সহায়ক হিচাপে পদোন্নতি হৈছিল ১৯৯৫ চনত ।

কিন্তু সুদীৰ্ঘ ৩৬ টাকৈ বছৰে সেৱা আগবঢ়োৱা কৰ্মচাৰীগৰাকীয়ে এতিয়া লাভ নকৰিব পেঞ্চন আৰু অন্যান্য সা-সুবিধা । চলিত বৰ্ষৰ ৩১ মে'ত অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীগৰাকীৰ পেঞ্চন আৰু অন্যান্য সা-সুবিধা লাভৰ বাবে নগাঁও কাৰ্যালয়েও উৰ্দ্ধতন কৰ্তৃপক্ষলৈ যাৱতীয় নথি-পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনো সুদুত্তৰ নাহিল ।

সেয়ে অৱসৰৰ পিছৰ দুৰ্বিষহ জীৱনৰ আশংকাত ত্ৰস্তমান হৈ পৰা কৰ্মচাৰীগৰাকীয়ে এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, দেশৰ উচ্চতম ন্যায়ালয়েও ৩০ বছৰৰ অধিক কাল দেশৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীক পেঞ্চন দিবলৈ ৰায়দান প্ৰদান কৰিছিল।

Also Read: হোটেল ৰাজহংসত তাজনিমা খাতুনক কোনে কৰিলে হত্যা !

প্ৰতিবাদ গণৰাজ্য দিৱস লোকনিৰ্মাণ বিভাগ অসম