ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজৰ মৌখিক তথ্য মতে পূৱ হাতীচোং আঞ্চলিক শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ ভাগে ইতিমধ্যে ১০০ কৈয়ো অধিক বৰ্ষ অতিক্ৰম কৰিছে। তাৰোপৰি ১৯৩০ চনতে লিখিত এক তথ্যয়ো এই কথা প্ৰমাণ কৰিছে। স্থানীয় লোকৰ মতে নগাঁও জিলাৰ পশ্চিমাঞ্চলত কুৰুৱাবাহী সত্ৰতে পূৱ হাতীচোং আঞ্চলিক শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ প্ৰথমে উদযাপন কৰাৰ পাছলৈ ৰাইডঙীয়া, চকলাঘাট, ধিং, গোসাঁইবৰি, বেবেজিয়া, চমুৱাগাঁও, ভোমোৰাগুৰি, ভেটিয়নী অঞ্চলত ক্ৰমান্বয়ে ৰাস অনুষ্ঠিত হ'বলৈ ধৰে।
আৰম্ভণিতে মৃন্ময় পুতলাৰ দ্বাৰা কুৰুৱাবাহী সত্ৰত প্ৰথম ৰাস অনুষ্ঠিত হৈছিল। আৰু ৭০ দশকলৈকে কুৰুৱাবাহী সত্ৰত শ্ৰীকৃষ্ণৰ ৰাসপূজা পাতি কেলিগোপাল নাটকৰ লগতে ৰাসক্ৰীড়াৰ আৰ্হিত বিভিন্ন মৃন্ময় পুতলা প্ৰদৰ্শনৰ অন্যতম আকৰ্ষন আছিল। ৭০দশকৰ পাছত কালৰ বুকুত এই প্ৰথা হেৰাই গৈছিল।
এইবেলিও এই প্ৰাচীন পৰম্পৰাক সৰোগত কৰি কুৰুৱাবাহী সত্ৰত কেলিগোপাল নাটকৰ লগতে মৃন্ময় পুতলাৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। কাৰ্যসূচী অনুসৰি ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া কুৰুৱাবাহী সত্ৰৰ ৰাস মহোৎসৱৰ ২৫ নৱেম্বৰ পুৱা স্থানীয় ৰাইজৰ দ্বাৰা চাফাই অভিযানৰ পাছত সন্ধিয়া গন্ধৰ্ব বাদন কৰা হ'ব।
২৬ নৱেম্বৰ পুৱা ৬ বজাত উৰ্ষাকীৰ্ত্তন, ৯ বজাত পতাকা উত্তোলন, ৯.৩০ বজাত স্মৃতি তৰ্পন, ১০.৩০ বজাত ভগৱান শ্ৰীকৃষ্ণৰ লীলা মহিমাৰ মৃন্ময় পুতলাৰ প্ৰদৰ্শনী মুকলি কৰা হ'ব। মুকলি কৰিব নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈদেয়ে।
পুৱা ১১ বজাত সাংস্কৃতিক শোভাযাত্ৰা, দুপৰীয়া ১২ বজাত নাম প্ৰসঙ্গ। নিশা ৮ বজাত অঞ্চলৰ যুৱতী আৰু মহিলা সকলৰ দ্ধাৰা কেলিগোপাল নাটৰ আধাৰত শ্ৰী কৃষ্ণৰ ৰাসক্ৰীড়া পৰিবেশন কৰা হব।
আনহাতে ২৭ নৱেম্বৰৰ দুপৰীয়া ১২ বজাৰ পৰা অঞ্চলৰ ভকত বৈষ্ণৱৰ দ্বাৰা নামপ্ৰসঙ্গৰ পাছত নিশা ৯ বজাত অঞ্চলৰ যুৱক বৃন্দৰ দ্বাৰা অঙ্কীয়া নাট কেলিগোপাল মঞ্চস্থ কৰা হ'ব। পূৱ হাতীচোং আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে উপৰুক্ত সকলো কাৰ্যসূচীতে অঞ্চলবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে।
Also Read: সাংবাদিক স্বামী আৰু গাঁও প্ৰধান ককায়েকৰ ভয় দেখুৱাই উৎকোচৰ দাবী ভিঅ'ৰ