ডিজিটেল সংবাদ,ৰহাঃ অপহৰণকাৰীৰ কবলৰ পৰা কথমপি পলাই আহি ৰহাত উপস্থিত অনুপজ্যোতি বৰদলৈ নামৰ নগাঁৱৰ এজন কিশোৰ। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, অপহৃত যুৱকজন ৰহা মধ্য টোপাকুছিৰ নিৱাসী গোপাল বৰদলৈৰ পুত্ৰ অনুপজ্যোতি বৰদলৈ। শনিবাৰে বিয়লি অনুপলৈ কোনো বন্ধুৱে ফোন কৰি এটা বাঁহী বিচাৰিছিল। সেয়ে দুপৰীয়া ১.৩০ মান বজাত অনুপে বন্ধুক বাঁহী দিবলৈ ঘৰৰ পৰা ওলাই গৈছিল।
ৰহা থুকুলাগাঁৱৰ সমীপত কেইজনমান যুৱকে কিশোৰজনক মুখত ৰুমাল দি এখন মাৰুতি ভানত উঠাই লৈ যায়। লগে লগে অনুপ অজ্ঞান হৈ পৰে।পৰৱৰ্তী সময়ত সন্ধিয়া অনুপৰ চেতনা অহাত নিজকে পাহাৰৰ মাজত এটা গুদাম ঘৰত আৱদ্ধ হৈ থকা বুলি জানিব পাৰে। গুদাম ঘৰটোৰ ভিতৰত ইতিমধ্যে বহু ল'ৰাক বান্ধি ৰখা বুলিও উল্লেখ কৰে অনুপে।
পাছত কিশোৰজনে গোপনে গুদাম ঘৰটোৰ পৰা ওলাই আহি কামাখ্যা ৰে'ল ষ্টেচনত উপস্থিত হৈ পৰিয়ালক যোগাযোগ কৰে।লগে লগে কামাখ্যা ৰে'ল ষ্টেচন আৰক্ষী আৰু ৰহা আৰক্ষীয়ে অনুপক উদ্ধাৰ কৰি নিশা পৰিয়ালক চমজাই দিয়ে। দেওবাৰে পৰিয়ালৰ লগতে স্থানীয় বহু লোক আহি ৰহা থানাত সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ দাবী জনায়। পৰৱৰ্তী সময়ত কিশোৰজনক লগত লৈ আৰক্ষীৰ এটা দল গুৱাহাটীলৈ ৰাওনা হয়।
এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে, প্ৰায় এপষেক ধৰি ৰহাৰ ৰূপহীতলীৰ পৰা নিকুঞ্জ ডেকা নামৰ অন্য এজন যুৱকো নিৰুদ্দেশ হৈ আছে। নিকুঞ্জকো নিশা কোনো লোকে ফোন কৰি ঘৰৰ পৰা মাতি নিয়া বুলি জানিব পৰা গৈছে। আজিকোপতি কোনো সন্ধান ওলোৱা নাই নিকুঞ্জ ডেকাৰ। সেয়ে ৰাজ্যৰ অলিয়ে-গলিয়ে দপদপাই থকা অপহৰণকাৰীক নাকি লগাবলৈ আৰক্ষীক আহ্বান জনাইছে ৰহাবাসীয়ে।
Also Read: অসুস্থ জুবিন...