ৰাইডঙীয়াত প্ৰজন্মৰ উদ্যোগত ১৪ দিনীয়া নাট কৰ্মশালা আৰম্ভ

ৰাইডঙীয়াত প্ৰজন্মৰ উদ্যোগত ১৪ দিনীয়া নাট কৰ্মশালা আৰম্ভ

Published on

ডিজিটেল সংবাদ,বটদ্ৰৱা: নগাঁও জিলাৰ ৰাইডঙীয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান 'প্ৰজন্ম'ই বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ৰাজ মেধিৰ সোঁৱৰণত ১৪ দিনীয়া প্ৰযোজনা ভিত্তিক এখনি নাট কৰ্মশালা আৰম্ভ কৰিছে। বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত সমাজখনত বৌদ্ধিক চিন্তাৰ চৰ্চা বহু পৰিমাণে হ্ৰাস পায় আহিছে। এই সময়ছোৱাত বহু শিশু, কিশোৰ অবাটে গৈছে। কোনোবাজন যদি অসামাজিক ব্যাধিৰ স্বীকাৰ হৈছে, কোনোবাজনৰ আকৌ মোবাইলৰ পৰা মুৰ দাঙি চাবলৈ সময় নাই।

এনে বিপৰ্যস্ত সময়তে 'প্ৰজন্ম'ই ৰাইডঙীয়া অঞ্চলৰ শিশু, কিশোৰসকলক এক সুস্থ সৃষ্টিশীল পৰিৱেশৰ সৈতে পৰিচয় কৰায় দিয়াৰ বাবে আজি ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক নাট কৰ্মশালা অনুষ্ঠিত কৰে। আজি কৰ্মশালা শুভাৰম্ভ অনুষ্ঠানটিৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে প্ৰজন্মৰ সভাপতি অনুপম ৰাজখোৱাই। পাছত নটৰাজৰ সমুখত বন্তি প্ৰজ্বলন কৰে শিক্ষক বুধেন চন্দ্ৰ বৰাই।

প্ৰয়াত ৰাজ মেধিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৰেঁনেছা কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ বিচিত্ৰ নাৰায়ণ শইকীয়াই।শংকৰদেৱৰ শিশু বিদ্যা নিকেতনৰ আচাৰ্য প্ৰভাস বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত চলচ্চিত্ৰ, দূৰদৰ্শন আৰু নাটকৰ জনপ্ৰিয় অভিনেতা পংকজ বৰুৱাই আনুষ্ঠানিক ভাৱে নাট কৰ্মশালাৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানটিত ৰাইডঙীয়াৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্য্যকৰী সভাপতি নব কমল ৰাজা, সাদিন প্ৰতিদিন গোষ্ঠীৰ সংবাদিক দিব্যজ্যোতি বৰুৱা, প্ৰজন্মৰ প্ৰাক্তন সভাপতি তথা বৰ্ত্তমানৰ মূখ্য তত্বাৱধায়ক শংকৰজ্যোতি শমা, উপসভাপতি হেমন্ত কলিতা, সম্পাদক পাৰ্থ সাৰথি বৰা, সমাজকৰ্মী ললিত মেধিকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থকা শুভাৰম্ভ অনুষ্ঠানটিৰ পাছতে নাট্যকাৰ পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাই নাটক কৰ্মশালাৰ প্ৰথম দিনৰ পাঠদান কাৰ্যসূচী আৰম্ভ কৰে।

ৰাইডঙীয়াত প্ৰজন্মৰ উদ্যোগত ১৪ দিনীয়া নাট কৰ্মশালা আৰম্ভ
অপেক্ষাৰ অন্তঃ দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল মাধৱদেৱ কলাক্ষেত্ৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in