বঢ়মপুৰক উপ-জিলা কৰাত আদৰণি; পিছে জিতু গোস্বামীৰ কৰ্মত অসন্তুষ্ট ৰাইজৰ দল

বঢ়মপুৰক উপ-জিলা কৰাত আদৰণি; পিছে জিতু গোস্বামীৰ কৰ্মত অসন্তুষ্ট ৰাইজৰ দল

জিতু গোস্বামীৰ কামপুৰ বিদ্বেষী ভুমিকাক সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে গিৰিশংকৰ গোস্বামীয়ে
Published on

ডিজিটেল সংবাদ, গুৱাহাটীঃ বঢ়মপুৰক উপ-জিলাৰ মৰ্যদা দিয়া কাৰ্যক আদৰণি ৰাইজৰ দলৰ। পিছে উপ-জিলাৰ মৰ্যদা দিলেও সমষ্টিটোক লৈ মুঠেই সন্তুষ্টি নহয় ৰাইজৰ দল। এক প্ৰেছ বিবৃতি যোগে এই কথা ব্যক্ত কৰে দলটোৱে।

বিবৃতিত দলটোৱে উল্লেখ কৰে যে- "বঢ়মপুৰকলৈ জিতু গোস্বামীয়ে কৰা ক্ষমতাৰ ৰাজনীতিত কামপুৰৰ জনসাধাৰণ উপেক্ষিতহৈ থকা কথাটো আমি সহজভাৱে ল'ব পৰা নাই৷ কামপুৰৰ ৰাইজক বিগত ৭বছৰত বিজেপিয়ে বাৰে বাৰে মাহীআইৰ দৃষ্টিৰে চাই আহিছে কেৱল মাথো জিতু গোস্বামী নামৰ বিধায়কজনৰ কামপুৰৰ ৰাইজৰ প্ৰতি দায়বদ্ধতাহীনতাৰ বাবেই৷"

এই ক্ষেত্ৰত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে কয় যে- 'মই বঢ়মপুৰৰ ৰাইজক শুভেচ্ছা জনাইছোঁ ৷ বঢ়মপুৰক উপ-জিলা কৰাৰ আনন্দত আমিও অংশীদাৰ হ'লো হয় যদি কামপুৰৰ জনসাধাৰণে দাবী কৰি অহাৰ দৰে ড° হিমন্তবিশ্ব শৰ্মা চৰকাৰে কামপুৰক মহকুমা ৰূপে ঘোষণা কৰিলে হয় আৰু এই ক্ষেত্ৰত কামপুৰত আহি ৰাজনীতিৰ অ আ ক খ শিকা কামপুৰৰ ৰাইজৰ সহায়ত বিধায়ক হোৱা জিতু গোস্বামীয়ে কামপুৰৰ ৰাইজৰ কাষত থিয় হলহেঁতেন ৷'

তেওঁ লগতে কয় যে- 'আশা কৰিছোঁ উপ-জিলা গঠনৰ ফলত বিধায়ক আৰু তেওঁৰ আশে পাশে থকা একাংশ দুৰ্নীতিগ্ৰস্ত নেতা-পালিনেতাৰ উন্নতি হোৱাৰ সলনি বঢ়মপুৰ অঞ্চলৰ বঢ়মপুৰৰ ৰাইজৰ উন্নতি হ'ব ৷ কিন্তু বিধায়ক ৰূপে জিতু গোস্বামীয়ে কামপুৰৰ উন্নয়নৰ প্ৰতি পিঠি দিয়াটো লজ্জাজনক ৷ বিধায়কগৰাকীয়ে স্পষ্ট কৰা উচিত বঢ়মপুৰ উপ-জিলা হ'লে কামপুৰ আৰু কঠিয়াতলিয়ে কি পাব। বঢ়মপুৰ উপ-জিলাৰ প্ৰশাসনিক কাৰ্যালয়বোৰ কামপুৰ আৰু কঠিয়াতলিত স্থাপন কৰি সদিচ্ছাৰ পৰিচয় দিবলৈ মই জিতু গোস্বামীক আহ্বান জনাইছো আৰু এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ হস্তক্ষেপয়ো বিচাৰিছো ৷'

বান বিধস্ত কামপুৰ অঞ্চলৰ বাট পথৰ জৰাজীৰ্ণ অৱস্থা, কামপুৰৰ মাজমজিয়াত অৱস্থিত কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰষুণৰ পানী পৰা অৱস্থা আদিবোৰ উল্লেখ কৰি জিতু গোস্বামীৰ দায়বদ্ধতা কথাও বিবৃতিটোত উল্লেখ কৰে দলটোৱ। কামপুৰৰ ৰাইজৰ মহকুমাৰ দাবীক উপেক্ষা কৰি বঢ়মপুৰক উপ-জিলা কৰাৰ আনন্দত আত্মহাৰা হোৱা জিতু গোস্বামীৰ আচৰণকো সমালোচনা কৰে ৰাইজৰ দলে।

কামপুৰ কঠিয়াতলিৰ বৃহৎ অঞ্চলটোৰ প্ৰশাসনিক কাম-কাজৰ বাবে পৰৱৰ্তী কেবিনেটত মহকুমা ৰূপে ঘোষণা কৰাৰ সিদ্ধান্ত লওক বুলি উল্লেখ কৰি কঠিয়াতলি-কামপুৰ-ৰহাৰ ৰাস্তাটো দুইলেন যুক্ত কৰাৰ লগতে কামপুৰ বৈঠালাংচু ৰোডটো দুই লেন যুক্ত কৰক আৰু কামপুৰ কপিলীৰ ওপৰত নৱ নিৰ্মিত দলংখন আহা ছমহাৰ ভিতৰত মুকলি কৰাৰ ব্যৱস্থা কৰক বুলি দাবী দলটোৰ৷ আনহাতে কামপুৰ ৰে'লৱে ফ্লাইঅভাৰখন ২০২৩ বৰ্ষৰ ভিতৰতে মুকলি কৰাৰ বাবে ৰে'ল বিভাগক হেঁচা দিয়াৰো দাবী জনায় ৷

ইপিনে কামপুৰ চেনীকলৰ মূল্যৱান সা-সম্প্ৰতি বেদখল মুক্ত কৰি হয় চেনী উদ্যোগটো পুনৰ উৎপাদনক্ষম কৰক নহ'লে তাত আন উদ্যোগ স্থাপন কৰি কামপুৰৰ শ শ নিবনুৱাৰ সংস্থাপনৰ বাট মুকলি কৰক বুলিও উল্লেখ কৰে প্ৰেছ বিবৃতিটোত ৷ বান বিধস্ত কামপুৰৰ সকলো বাট পথ পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পুঁজি আবণ্টন দিয়াৰো দাবী ৷ ইয়াৰ উপৰি কামপুৰৰ ৰত্নাৱলী থান আৰু মাধৱ পাহাৰ পৰ্যাটন স্থল ৰূপে গঢ়ি তুলিবৰ বাবে অভিলাষী আঁচনি হাতত লোৱা, কপিলী আৰু বৰপানী নদীত চলি থকা অবৈধ বালিখনন বন্ধ কৰিবৰ বাবেও বনবিভাগক কঠোৰ নিৰ্দেশ দিয়ক বুলি দাবী তোলে ৰাইজৰ দলে।

বঢ়মপুৰক উপ-জিলা কৰাত আদৰণি; পিছে জিতু গোস্বামীৰ কৰ্মত অসন্তুষ্ট ৰাইজৰ দল
পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি হ'ল অসমীয়া...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in