ডিজিটেল সংবাদ,নগাঁও: মঙলবাৰে নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জিলাখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে আঁচনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।
নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈৰ লগতে বিভাগকেইটাৰ বিষয়াবৰ্গৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ),এম জি এনৰেগা, পঞ্চদশ বিত্তীয় আয়োগৰ অধীনৰ কাম-কাজ, অমৃত সৰোবৰ আদিৰ পৰ্যালোচনা কৰা হয়।
পৰ্যালোচনা বৈঠকত মন্ত্ৰী গৰাকীয়ে পঞ্চায়তৰ যিসমূহ সৰু-সুৰা ৰাস্তা-ঘাটৰ কাম লোকনিৰ্মাণ বিভাগে কৰিব নোৱাৰে সেই পথ সমূহৰ কাম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এমজিএনৰেগাৰ অধীনত কৰাৰ পদক্ষেপ লোৱাৰ পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমে লাভ কৰা ২০লাখ গৃহৰ ইতিমধ্যে ১৯ লাখ ২০হাজাৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি অসমে সফলতা লাভ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে এই আঁচনিৰ অধীনত জিলাখনত বাকী থকা গৃহ নিৰ্মাণৰ কাম ৩০ চেপ্তেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে।
এই ক্ষেত্ৰত খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সচিব আৰু বিভাগৰ কৰ্মচাৰীসকলক একত্ৰিত হৈ কাম কৰাৰ বাবে মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে।এই আঁচনিৰ অধীনত অসমে পুনৰ ১লাখ, ৭১হাজাৰ, ৫৯৩টা গৃহৰ অনুমোদন লাভ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ অধীনত নগাঁও জিলাই ৬,৪,১২টা নতুন গৃহ লাভ কৰিছে বুলি প্ৰকাশ কৰে।
লগতে পঞ্চদশ বিত্ত আয়োগৰ কাম-কাজকে ধৰি জিলা পৰিষদৰ সকলো আঁচনিৰ কাম-কাজ জিলা আয়ুক্তক নিৰীক্ষণ কৰাৰ বাবে নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰী দাসে 'ৱান ডিষ্ট্ৰিক ৱান প্ৰডাক্ট'ৰ অংশ হিচাপে জিলাখনত যিকোনো এবিধ বিশেষ সামগ্ৰী উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাই যাতে জিলাখনে সেই বিশেষ সামগ্ৰীবিধক লৈ গৌৰৱ কৰিব পাৰে।
জিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বিভাগটোৱে ৰাজ্যখনৰ ৪২ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ উপৰি আগন্তুক দিনত ২০লাখ লোকক ৰেচন কাৰ্ডত নাম অন্তৰ্ভূক্তিৰ পদক্ষেপ লৈ আছে। নগাঁও জিলাৰ প্ৰায় ৭হাজাৰৰো অধিক ইতিমধ্যে আৱেদনকাৰী ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি মন্ত্ৰী দাসে জানিবলৈ দিয়ে।
Also Read: শংকৰজ্যোতি যাব! কাৰ কপাল ফুঁলিব...