অসম শিল্পী কাননৰ উদ্যোগত ২য় বাৰ্ষিক ৰাস মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠান

অসম শিল্পী কাননৰ উদ্যোগত ২য় বাৰ্ষিক ৰাস মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
অসম শিল্পী কাননৰ উদ্যোগত ২য় বাৰ্ষিক ৰাস মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠান

ডিজিটেল সংবাদ,নগাঁও: অসমৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান অসম শিল্পী কাননৰ উদ্যোগত দেওবাৰে নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক ও বহুমুখী বিদ্যালয়ত অনুষ্ঠিত হয়‌ দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় ৰাস মহোৎসৱৰ শুভাৰম্ভ অনুষ্ঠান। ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকাই আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰি কৃষ্ণ জীৱন দৰ্শনৰ বিষয়ে উল্লেখ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে বৰগীতৰ লগতে ৰাসৰ গাণিকা পৰিবেশন কৰা হয়। অনুষ্ঠানত বিশিষ্ট শিল্পী মাধৱ দাস,প্ৰদীপ পাল আৰু উদ্যোগী মহিলা মালা দাসক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী উমেশ দাস, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া প্ৰবীণ শৰ্মা,কাননৰ কাৰ্যকৰী সভাপতি আব্দুল ওৱাহাৱ, উপ সভাপতি কনক হাজৰিকা,বীৰেণ লালুং আদি সহ দুই শতাধিক লোক।

কাননৰ প্ৰধান সম্পাদক মৃদুপৱন বৰাই আঁত ধৰা অনুষ্ঠানত সাংস্কৃতিক কাৰ্যক্ৰম প্ৰদৰ্শন কৰা হয়। শুভাৰম্ভণি অনুষ্ঠানৰ পিছতে কাননৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত কাননৰ ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়ে আলোকপাত কৰা হয়। কাননৰ দ্বিতীয় কেন্দ্ৰীয় ৰাস মহোৎসৱ ২৪ ডিচেম্বৰত নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত হব আৰু ১৬০০ গোপীয়ে ৰাসত অংশ লব।

Also Read: বেলেগ একো কথা নাই, খবৰ ল'বলৈ আহিছিলোঃ অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল'বলৈ GMCHত মুখ্যমন্ত্ৰী...

nagaon