ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাস পূৰ্ণিমালৈ মাজত মাথোঁ দুটা দিন। শৰতৰ চন্দ্ৰাৱলী ৰাতি অনুষ্ঠিত হ'বলগিয়া এই ৰাস উৎসৱৰ আখৰাৰ ছন্দোময়তাত বিধৌত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী সত্ৰ, গাঁও সমূহতো ৰাসলীলাৰ মহা আয়োজনৰ উৎসৱমুখীতাই আকাশ বতাহ মুখৰিত কৰি তুলিছে। বটদ্ৰৱা সমষ্টিৰ সমীপৱৰ্তী ঐতিহ্যমণ্ডিত কুৰুৱাবাহী সত্ৰটো চলিছে ৰাসৰ আখৰা।
সত্ৰখনিৰ শিশু, কিশোৰী, যুৱতী, বোৱাৰী সকলোৱে "আহা সখী আহা বাই, বৃন্দাবনে যাওঁ" শীৰ্ষক গীতৰ তালে তালে নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে।কুৰুৱাবাহী সত্ৰত অহা ১৫ আৰু ১৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ।
১৫ নৱেম্বৰ পুৱা ৮ বজাত পতাকা উত্তোলন, ছহিদ তৰ্পণৰ পাছত ৯ বজাত আৰম্ভ হ'ব বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, দুপৰীয়া নাম কীৰ্তন, সন্ধ্যা পূৰ্বৰংগৰ পাছতে নিশা ৮ বজাত আৰম্ভ হ'ব কেলি গোপাল নাটক। ১৬ নৱেম্বৰত বিভিন্ন কাৰ্য্যসূচীৰ অন্তত নিশা "সপোনৰ ঘৰ" ভাওনা অনুষ্ঠিত হ'ব বুলি উদযাপন সমিতিৰ সম্পাদক দ্বয় মৃদুপৱন বৰা, উত্তম শইকীয়াই জানিবলৈ দিছে।
ইফালে নমাটি গাঁৱৰ যুৰীয়া নামঘৰত অহা ১৫, ১৬আৰু ১৭ নৱেম্বৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। তাৰোপৰি ৰাইডঙীয়া বৰিবজাৰৰ শ্ৰীমন্ত শংকৰদেৱ মন্দিৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভগবান শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হ'ব।