ডিজিটেল সংবাদ, উৰিয়াগাঁও: ষষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপনৰ লগত সংগতি ৰাখি খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ ডাকৰঘাট চাৰ্কোলৰ উদ্যোগত আৰু বেঙেনাআটি, তুলসীমুখ, মাজ জাজৰি, কেন্দুগুৰি চাৰ্কোলৰ সহযোগত বৃহস্পতিবাৰে নগাঁৱৰ ৪৪৭ নং ভোটাইগাঁও নিম্ন বুনিয়াদী বিদ্যালয়ত মিলেটৰ প্ৰচাৰৰ লগতে 'পোষণ ভি পঢ়াই ভি' প্ৰদৰ্শনী অনুষ্ঠিত হয়।
এই উপলক্ষে অৱসৰপ্ৰাপ্ত শিক্ষক কমলাকান্ত বৰাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা পিংকী বৰাই আঁত ধৰা এই সভাত পোষণ খণ্ড সমন্বয়ক ছিংকী বৰা, জ্যেষ্ঠ মুখ্য সেৱিকা ৰিন্তী বৰাই শিশুৰ মাতৃ দুগ্ধ পান আৰু উপৰুৱা আহাৰৰ সম্পৰ্কত বিস্তৃতভাৱে ভাষণ প্ৰদান কৰে।
ডাকৰঘাট চাৰ্কোলৰ মুখ্য সেৱিকা বনশ্ৰী কলিতাই আদৰণি ভাষণ প্ৰদান কৰা এই সভাত অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক গজেন্দ্ৰ নাথ বৰা, সাংবাদিক জয়ন্ত বৰাইও বক্তব্য আগবঢ়ায়।
সমাজকৰ্মী দীপক বৰা, মুখ্য সেৱিকা ক্ৰমে গীতাশ্ৰী মেহেলা, পাৰুল ভূঞা, বন্তি বৰা, ৰেজিয়া বেগম, পৰী গুপ্তা বৰা প্ৰমুখ্যে শতাধিক লোকৰ উপস্থিতিত কেইবাটিও অংগনৱাড়ী শিশুৰ নৃত্য আৰু পঢ়ন শৈলী প্ৰদৰ্শনৰে সজীৱ কৰি তোলা এই সভাৰ পূৰ্বে বিষয়বস্তুৰ সৈতে সংগতি ৰাখি ৰিতুমণি শইকীয়া, পংকজা শইকীয়া, মালতী দাস, জানমণি শইকীয়া, শিখা কাকতি, মীনা বৰা প্ৰমুখ্যে অংগনৱাড়ী কৰ্মী -সহায়িকাসকলৰ দ্বাৰা মিলেটৰ বিভিন্ন ব্যঞ্জনা প্ৰদৰ্শন কৰে।
Also Read: কৃষিমন্ত্ৰী অতুল বৰাৰ ভাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ