ৰতন টাটাৰ মৃত্যুত তেওঁৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা বঢ়মপুৰৰ শিক্ষকৰ শোক...

৩ বছৰ পূৰ্বেই নিজৰ ঘৰত নিৰ্মাণ কৰিছিল ৰতন টাটাৰ প্ৰতিমূৰ্তি

author-image
Asomiya Pratidin
New Update
ৰতন টাটাৰ মৃত্যুত তেওঁৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা বঢ়মপুৰৰ শিক্ষকৰ শোক...

ৰতন টাটাৰ মৃত্যুত তেওঁৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা বঢ়মপুৰৰ শিক্ষকৰ শোক...

ডিজিটেল সংবাদ বঢ়মপুৰ: দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে। ব্যতিক্ৰম নহয় অসমো। বিশিষ্ট উদ্যোগপতি তথা মানৱদৰদী মহান ব্যক্তি ৰতন টাটাৰ বিয়োগত অতিশয় মৰ্মাহত হৈছে নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী হালোৱাগাঁৱৰ নিবাসী ৰাজীৱ শইকীয়া নামৰ শিক্ষকগৰাকী।

এইগৰাকী শিক্ষকৰ আদৰ্শ পুৰুষ হ'ল ৰতন টাটা।বিশিষ্ট উদ্যোগপতি তথা মানৱদৰদী ব্যক্তিৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধাৰ বাবেই শিক্ষকগৰাকীয়ে নিজৰ ঘৰতে আজিৰ পৰা তিনিবছৰৰ আগতে নিৰ্মাণ কৰিছিল ৰতন টাটাৰ কংক্ৰিটৰ প্ৰতিমূৰ্তি।

ঘৰৰ পৰা ওলোৱা সোমোৱাৰ সময়ত প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধা জনায়। দেশৰ কাৰণে, জনগণৰ কাৰণে সেৱা আগবঢ়োৱা ৰতন টাটাক আদৰ্শ হিচাপে মানি লোৱা শিক্ষক ৰাজীৱ শইকীয়াই কয় যে-তেওঁ উপাৰ্জনৰ ৭৫ শতাংশ দেশৰ, দহৰ কল্যাণৰ হকে ব্যয় কৰিছিল। অসমৰ প্ৰতি তেওঁৰ বিশেষ দৰদ আছিল। ৬ খনকৈ কেঞ্চাৰ চিকিৎসালয় অসমক উপহাৰ দিছিল। মই পঢ়োৱা ছাত্র-ছাত্ৰীসকলক ৰতন টাটাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰি আহিছো। তেওঁ এগৰাকী মানৱদৰদী মহাপুৰুষ। তেওঁৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছো।

ৰতন টাটাৰ মৃত্যুৰ খবৰ লাভ কৰি শোকত ভাগি পৰে শিক্ষক ৰাজীৱ শইকীয়া। তেওঁৰ প্ৰতিমূৰ্তিত আজি পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা জনায় শিক্ষকগৰাকীয়ে। তেখেত আজি আমাৰ মাজত নাই। যতেই আছে তাতেই সুখত থাকক বুলি কৈ তেওঁৰ আত্মাৰ বাবে চিৰশান্তি কামনা কৰে শইকীয়াই। এগৰাকী শিক্ষকৰ এই পদক্ষেপৰ সকলোৱে একমুখে প্ৰশংসা কৰিছে।

Also Read: অসমৰ প্ৰতি বিশেষ মৰম আছিল ৰতন টাটাৰ...

ৰতন টাটা বঢ়মপুৰ