নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ত সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবৰ্ষৰ সোঁৱৰণত উৎসৰ্গিত গ্ৰন্থৰ উন্মোচন

নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ত সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবৰ্ষৰ সোঁৱৰণত উৎসৰ্গিত গ্ৰন্থৰ উন্মোচন
Published on
Updated on

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) ৰ ৮০সংখ্যক নৱাগত আদৰণী সভাৰ মুকলি সভাত সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবৰ্ষৰ সোঁৱৰণত উৎসৰ্গিত, অসমীয়া বিভাগৰ দ্বাৰা প্ৰকাশিত আৰু সম্পাদিত ‘যোগাযোগমূলক আৰু ব্যৱহাৰিক অসমীয়া’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। মুকলি সভাত অতিথি বক্তা হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাই লগতে তেঁও গ্ৰন্থখন উন্মোচনো কৰে।

বিভাগৰ মুৰব্বী অধ্যাপিকা ধনদা দেৱীয়ে ময়ূৰ বৰাক ফুলাম গামোচাৰে আদৰণি জনায়। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ মানস জ্যোতি নিৰ্মলীয়াই সম্পাদনা কৰা গ্ৰন্থখন স্নাতক প্ৰথম ষান্মাসিক আৰু তৃতীয় ষান্মাসিকৰ সক্ষমতা বিকাশ পাঠ্যৰ আধাৰত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি প্ৰস্তুত কৰা হৈছে।

অসমীয়া ভাষাত মৌখিক যোগাযোগ আৰু লিখিত যোগাযোগ কেনেদৰে প্ৰভাৱশালী কৰিব পাৰি লগতে ব্যৱহাৰিক ক্ষেত্ৰত অসমীয়া ভাষাটোক শুদ্ধ ৰূপত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেই সকলোবোৰ দিশ গ্ৰন্থখনিত অন্তৰ্ভুক্ত কৰা হৈছে। গ্ৰন্থখনিত অসমীয়া বিভাগৰ শিক্ষকসকলৰ লেখা অন্তৰ্ভুক্ত কৰা হৈছে।

আজি অনুষ্ঠিত এই মুকলি সভাতেই অসমীয়া বিভাগৰ ছাত্ৰী কাব্যৰূপা বৰাৰ সম্পাদনা আৰু মুনমণি বৰাৰ সহঃসম্পাদনাত বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা হাতেলিখা আলোচনী ‘অনুৰণন’ উন্মোচন কৰা হয়। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি ৰূপক শৰ্মাই হাতেলিখা আলোচনীখন উন্মোচন কৰে।

গ্ৰন্থ উন্মোচনীত অসমীয়া বিভাগৰ মুৰব্বী ধনদা দেৱী, সহযোগী অধ্যাপক দীপক কুমাৰ বৰা আৰু সহকাৰী অধ্যাপিকা ড০ বনশ্ৰী দাসৰ লগতে শতাতিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ত সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবৰ্ষৰ সোঁৱৰণত উৎসৰ্গিত গ্ৰন্থৰ উন্মোচন
গৰুৰ চোৰাং কাৰবাৰক লৈ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াক জিলা বিজেপিৰ সম্পাদকৰ লিখিত অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in