কাছমাৰী জলময় গাঁৱত দিন দুপৰতে ডকাইতিৰ ঘটনা : চাৰি লক্ষাধিক টকা লুট...

আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
কাছমাৰী জলময় গাঁৱত দিন দুপৰতে ডকাইতিৰ ঘটনা : চাৰি লক্ষাধিক টকা লুট...
কাছমাৰী জলময় গাঁৱত দিন দুপৰতে ডকাইতিৰ ঘটনা : চাৰি লক্ষাধিক টকা লুট...
Published on
Updated on

ডিজিটেল সংবাদ বেবেজীয়া: অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধ জনিত ঘটনা। চুৰি -ডকাইতিৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকাত সাধাৰণ নাগৰিক বিবুধিত পৰিছে।

এফালে বানপানী আনফালে সঘনাই চুৰি-ডকাইতিৰ ঘটনাই ৰাইজক অতিষ্ঠ কৰি তুলিছে। এই অপৰাধ জনিত ঘটনাসমূহ ৰোধ কৰাত আৰক্ষী প্ৰশাসন ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে ৰাইজে।

আজিও নগাঁও বেবেজীয়াৰ সমীপৰ কাছমাৰী জলময় গাওঁ পথত সংঘটিত হয় এক ডকাইতিৰ ঘটনা। নগাঁও-মৰিগাঁও লোকনিৰ্মাণ বিভাগৰ পথৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত কাছমাৰী জলময় গাঁৱৰ ওচৰত এই ডকাইতিৰ ঘটনা সংঘটিত হয়।

নগাঁও -মৰিগাঁও পথৰ বাৰপুজীয়াৰ ওচৰৰ কৃষ্ণা ফিলিং ষ্টেচন নামৰ পেট্ৰল পাম্পটোৰ মেনেজাৰৰ পৰা ডকাইতৰ দলে ৪ লাখ ১২ হাজাৰ টকা লুট কৰি নিয়ে। জানিব পৰা মতে আজি দিনৰ প্ৰায় এক মান বজাত পাম্পটোৰ মেনেজাৰগৰাকীয়ে নগাঁৱৰ বেংকত জমা থবলৈ মটৰ চাইকেলত নগাঁৱলৈ আহি আছিল।

কাছমাৰীৰ জলময় গাৱঁৰ ওচৰত চাৰিজনীয়া ডকাইতৰ দলে মাৰাণাস্ত্ৰ দেখুৱাই ভয় ভাবুকি প্ৰদৰ্শন কৰি মেনেজাৰজনৰ পৰা ধনৰাশি লুট কৰি উধাও হয়। নম্বৰপ্লেটবিহীন মটৰ চাইকেলত আহিছিল ডকাইতৰ দলটো।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত নগাঁৱৰ আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। আৰক্ষীয়ে ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান চলাইছে।

আৰক্ষীয়ে মেনেজাৰগৰাকীক হয়বৰগাও আৰক্ষী চকীত সোধা-পোছা কৰি আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই ঘটনাৰ সৈতে পাম্পটোৰো কোনো লোক জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

দিনৰ পোহৰতে সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। সাধাৰণতে দিনৰ ভাগত অতি ব্যস্ত এই পথটোত কি সাহসত ডকাইতিৰ ঘটনা সংঘটিত কৰিলে তাকে লৈ সকলোৰে মাজত চৰ্চা চলিছে। অৱশ্যে আৰক্ষীৰ তদন্ততহে এই ঘটনাৰ সবিশেষ পোহৰলৈ আহিব।

কাছমাৰী জলময় গাঁৱত দিন দুপৰতে ডকাইতিৰ ঘটনা : চাৰি লক্ষাধিক টকা লুট...
ৰাজ্যিক টাইকোৱাণ্ড প্রতিযোগিতাত বেকাজানৰ ৯ খেলুৱৈৰ পদক লাভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in