কামপুৰৰ পথ দুৰ্ঘটনাত ছাত্ৰ নিহত

প্ৰতীকী ফটো
প্ৰতীকী ফটো
Published on
Updated on

ডিজিটেল সংবাদ,কামপুৰ: কামপুৰ টকৌডুবিত বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই ছাত্ৰ নিহত। নিহত ছাত্ৰজনৰ নাম মিলন বৰা ।

আনহাতে উক্ত দুৰ্ঘটনাত আন এগৰাকী ছাত্ৰ গুৰুতৰভাৱে আহত হয়। আহত ছাত্ৰজনৰ নাম ধ্ৰুৱ জ্যোতি দাস। দুয়ো কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।

দুয়োগৰাকী ছাত্ৰই এখন বাইকৰে ঘৰলৈ ওভতাৰ পথত কামপুৰৰ টকৌডুবিত এডাল গছত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। আহত ছাত্ৰজন কামপুৰৰ সামূহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসাধীন হৈ আছে।

আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত ছাত্ৰজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

প্ৰতীকী ফটো
মন্দিৰ দৰ্শন কৰিবলৈ গৈ মৃত্যুক আকোৱালি ল'লে ৯ তীৰ্থযাত্ৰীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in