বুঢ়াপাহাৰত ভয়ংকৰ দুৰ্ঘটনাঃ শিশুসহ ৮ গৰাকী যাত্ৰী আহত...

বুঢ়াপাহাৰত ভয়ংকৰ দুৰ্ঘটনাঃ শিশুসহ ৮ গৰাকী যাত্ৰী আহত...
বুঢ়াপাহাৰত ভয়ংকৰ দুৰ্ঘটনাঃ শিশুসহ ৮ গৰাকী যাত্ৰী আহত...
Published on
Updated on

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰৰ বুঢ়াপাহাৰত দেওবাৰে দিনৰ ১১ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটোত টেম্পো আৰোহী এটি শিশুসহ টেম্পোখনৰ ৮ জন লোকৰ কথমপি প্ৰান ৰক্ষা পৰে ৷

জানিব কৰা মতে, কাৰ্বি আংলঙৰ ৰংমং ৱে'ৰ পৰা জখলাবন্ধা অভিমুখী এ এছ ০২ ডি চি ১২০৩ নম্বৰৰ যাত্ৰীবাহী টেম্পোখনত বুঢ়াপাহাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত অভিমুখী এ এছ ০২ ডি চি ১৭৭৫ নম্বৰৰ টাটা ডি আই বাহন খনে মুখামুখীকৈ খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহন পথৰ দাতিত বাগৰি পৰে ৷

দুৰ্ঘটনাটোত টেম্পো আৰোহী ক্ৰমে দাৰসিং ইংতি(৩৮),অমল কাথাৰ(২০),সোনালী টেৰনপি,সিং ক্ৰান্সি(৩১),ৰিনা ক্ৰান্সিপি(৩২),ৰূপ্তালিন কাঠাৰপি(১৬),মানাই কাঠাৰপি(৩১)আৰু জনৈক কাথাৰ নামৰ এটি ১২ বছৰীয়া শিশু গুৰুতৰভাবে আহত হয়৷ আহতসকলক জখলাবন্ধাৰ কলিয়াবৰ মহকুমা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে,গৰু কঢ়িওৱাত ব্যৱহাৰ হোৱা টাট ডি আইখনে ভুল দিশত গৈ টেম্পোখনত খুন্দিয়াইছিল ৷ দুৰ্ঘটনাটোত আহতসকলৰ অধিকাংশৰে অৱস্থা সংকটজনক ৷

কোনোৱগৰাকী আহতৰ যদি দুয়োখন ভৰি ভাগিছে আন কোনাৱাজনৰ ভাঙিছে দুয়োখন হাত আৰু কঁকাল ৷ ১২ বছৰীয়া শিশুটিও বিপদমুক্ত নহয় বুলি চিকিৎসকে জানিবলৈ দিছে ৷

বুঢ়াপাহাৰত ভয়ংকৰ দুৰ্ঘটনাঃ শিশুসহ ৮ গৰাকী যাত্ৰী আহত...
শিশু শ্ৰমিকক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক জয়ন্ত বৰাৰ লগতে পত্নী, বোৱাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in