আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশুৱেঃ কিশোৰসহ ৫ জন আহত...

ঘটনা সংঘটিত কৰি পলায়ন কৰে ডি আই বাহন
আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশুৱেঃ কিশোৰসহ ৫ জন আহত...
আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশুৱেঃ কিশোৰসহ ৫ জন আহত...
Published on
Updated on

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰৰ আমবাগানত সোমবাৰে নিশা প্ৰায় ৮-৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী ডি আই বাহনে খুন্দিয়াই মহতিয়াই নিয়ে এখন যাত্ৰীবাহী ই-ৰিক্সাক। দুৰ্ঘটনাটোত শিশু মহিলাসহ মুঠ ছজন গুৰুতৰ ভাৱেআহত হয়।

আহত সকলক ততাতৈয়াকৈ জখলাবন্ধাস্থিত কলিয়াবৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে আহত এটি শিশুৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। লগতে আন পাঁচজনক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ।

জানিব পৰা মতে, প্ৰায় ১০ জন যাত্ৰী লৈ আমবাগানৰ পৰা কাৱৈমাৰীলৈই ৰিক্সাখন গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা এখন ডি আই বাহনে তীব্ৰ বেগেৰে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনা সংঘটিত কৰিয়েই ডি আই বাহনখনে পলায়ন কৰে।

আমবাগান আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত আহতসকলক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰে। মৃত্যু হোৱা শিশুটিৰ নাম নাজিয়া বেগম(৩)। ঘটনাত ১৪ বছৰীয়া কিশোৰ মক্সিদুল ইছলামৰ এখন হাত চিঙি যায়।

দুৰ্ঘটনাটোত আহত হোৱা আন ব্যক্তি কেইজন হ'ল ক্ৰমে ৰূপহীহাট আৰক্ষী চকীৰ অন্তৰ্গত মাগুৰমাৰীৰ ১৬বছৰীয়া জীয়াউৰ ইছলাম, ৩৪বছৰীয়া চুলতানা খাতুন, ২২বছৰীয়া হাফিছা খাতুন,১৪বছৰীয়া মুছিকুল ইছলাম আৰ জাহাৱাৰা বেগম ।

আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশুৱেঃ কিশোৰসহ ৫ জন আহত...
জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্তঃ পুনৰ সাৰ পাইছে চি আই ডি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in