ডিজিটেল সংবাদ চামগুৰিঃ বৃহস্পতিবাৰে দিনৰ ভাগত চামগুৰিৰ হাঁহচৰা-বৰালিগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত ১ জন লোকক থিতাতে নিহত হোৱাৰ লগতে আন ৫ জন লোক অতি গুৰুতৰ ভাৱে আহত হয়।
উল্লেখ্য যে এখন মালবাহী বলেৰ'য়ে দ্ৰুত বেগত শ্ৰমিক কঢ়িয়াই আনি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে দ্ৰুতবেগী মালবাহী বলেৰ'খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে চাৰি লুটি খায়।
মালবাহী বলেৰ'খনত আছিল চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে অহা বহু কেইজন শ্ৰমিক। দুৰ্ঘটনাত পতিত হোৱা মালবাহী বলেৰ'খনৰ নম্বৰ এ এছ ০২চিচি ৫৬৬৬। ইফালে ঘটনাত আহত ৫ জন শ্ৰমিককে ততাতৈয়াকৈ চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় যদিও পৰৱৰ্তী সময়ত তেওঁলোকক নগাঁৱলৈ প্ৰেৰণ কৰা হয়।
ইফালে দুৰ্ঘটনাস্থলীত বহু পলমকৈ চামগুৰি আৰক্ষী উপস্থিত হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতি। সমান্তৰালকৈ চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আহতসকলক চিকিৎসা প্ৰদানত গাফিলতিৰ অভিযোগ উত্থাপন কৰি চিকিৎসালয়খনতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত এম্বুলেন্সৰ অভাৱ হোৱাৰ বাবে পৰৱৰ্তী সময়ত আৰক্ষীৰ বাহনতেই আহতসকলক নগাঁৱলৈ প্ৰেৰণ কৰা হয়।