সুৰেশ বৰাক 'হতাশাগ্ৰস্ত ব্যক্তি' আখ্যা ৰকিবুল হুছেইনৰ

সুৰেশ বৰাক 'হতাশাগ্ৰস্ত ব্যক্তি' আখ্যা ৰকিবুল হুছেইনৰ

author-image
Asomiya Pratidin
New Update
সুৰেশ বৰাক 'হতাশাগ্ৰস্ত ব্যক্তি' আখ্যা ৰকিবুল হুছেইনৰ

ডিজিটেল সংবাদ , নগাঁও : দুৰ্যোগে লগ নেৰা হৈছে নগাঁও জিলা কংগ্ৰেছক। এই লৱী কেন্দ্ৰিক ৰাজনীতিৰ বাবেই বিগত ২০১৬চনৰ পৰাই নগাঁৱৰ ইজনৰ পাছত সিজনকৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাই কংগ্ৰেছ দল ত্যাগ কৰি অন্য ৰাজনৈতিক দলত যোগদান কৰি আহিছে। অৱশেষত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰায়েও কংগ্ৰেছ দল ত্যাগ কৰি শনিবাৰে গেৰুৱা বসন পৰিধান কৰে।

৩ বছৰৰো অধিক কাল নগাঁও জিলা কংগ্ৰেছৰ সভাপতি হৈ থকা সুৰেশ বৰাই কংগ্ৰেছৰ অতি দুৰ্যোগৰ সময়তো নগাঁৱৰ কংগ্ৰেছক নেতৃত্ব প্ৰদান কৰিছিল। বৰাৰ কংগ্ৰেছ ত্যাগ আৰু বিজেপি গমনৰ পাছত বঢ়মপুৰ সমষ্টিৰ তেওঁৰ সমৰ্থকসকলেও বিজেপিত যোগদান কৰিবলৈ উদ্ববাউল হৈ পৰা পৰিলক্ষিত হৈছে। জানিব পৰামতে, বঢ়মপুৰ সমষ্টিৰ ১১টা মণ্ডলৰ ৮০ শতাংশ কংগ্ৰেছ কৰ্মীয়েই বিজেপিত অচিৰে যোগদান কৰিব।

শুকুৰবাৰে সুৰেশ বৰাই নগাঁও জিলা কংগ্ৰেছৰ সভাপতি পদৰ লগতে কংগ্ৰেছ দলৰ সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰি এ পি চি চি লৈ ই মেইল যোগে নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ কেইঘন্টামানৰ পাছতেই নিশা নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ ৰাজীৱ ভৱনত আঁৰি থোৱা দুই জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ ফটো সম্বলিত হৰ্ডিঙত ৰং সানিলে কোনো বিক্ষুব্ধ কংগ্ৰেছীয়ে।

শুকুৰবাৰে নিশা আন্ধাৰৰ সুযোগ লৈ কোনো লোকে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰকিবুল হুছেইনৰ হৰ্ডিঙৰ ৰঙীণ ফটোত চিঁয়াহীৰ ক'লা ৰং সানি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটায়। আনকি কোনো লোকে ৰাজীৱ ভৱনৰ দুৱাৰ মুখৰ এখন হৰ্ডিঙত থকা প্ৰাক্তন মন্ত্ৰী, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ ছবিত আঁকবাক কৰাৰ লগতে "AJENT BJP" বুলিও লিখি থৈ যায়।

জ্যেষ্ঠ কংগ্ৰেছ নেতা দুজনৰ ছবিত এনেদৰে চিঁয়াহীৰ ৰং সনাকলৈ নগাঁৱৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাৰ পদত্যাগৰ কেইঘন্টামানৰ পাছতেই শুকুৰবাৰে নিশা এই ঘটনা সংঘটিত হোৱাত বিশেষ তাৎপৰ্য বহন কৰিছে ।

ইপিনে, শনিবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। হুছেইনে কয়,"নগাঁৱৰ কংগ্ৰেছী নেতা সকলৰ মাজত কোনো ধৰণৰ সংঘাত নাই। আমি সকলো ঐক্যবদ্ধ। সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, মই ৰকিবুল হুছেইন, বিধায়ক শিৱামণি বৰা, নুৰুল হুদা সকলো ঐক্যবদ্ধ।"

নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা সন্দৰ্ভত হুছেইনে কয়, "সুৰেশ বৰা এজন হতাশাগ্ৰস্ত, নিৰাশাত ডুৱ গৈ থকা লোক। তেওঁ ৰাজনৈতিকভাৱে অৱসৰ লোৱাৰ নিচিনা হৈছে। সেই কথা আজি তেওঁৰ ভাষ্যত প্ৰকাশ পাইছে। গতিকে এজন অৰাজনৈতিক ব্যক্তিয়ে বিজেপিত যোগদান কৰা সন্দৰ্ভত মোৰ কিবা ক'ব লগীয়া আছে বুলি নাভাৱো।"

কংগ্ৰেছ নেতা হুছেইনে আৰু কয় যে, কংগ্ৰেছে ৩বাৰকৈ দলীয় টিকট দিয়াৰ পাছতো জিকিব নোৱাৰা এজন হতাশগ্ৰস্ত ব্যক্তি সুৰেশ বৰা। বিভিন্ন অৰাজনৈতিক অসুবিধাৰ বাবে, ব্যক্তিগত সুবিধাৰ বাবেহে তেওঁ বিজেপিলৈ গৈছে । বহুতেই কয় তেওঁ হেনো কিবা কম্প্ৰমাইজ কৰিহে হাৰিছিল। যিজন মানুহ এম এল এ হ'ব বিচৰা নাই, যি জন মানুহে কিবা লাভজনক ব্যৱসায়-বাণিজ্যৰ কাৰণেহে বিজেপিত যোগদান কৰিছে তেওঁৰ বিষয়ে কি ক'ম।

সুৰেশ বৰাৰ কোনো গণভিত্তি এতিয়া নাই বুলি মন্তব্য কৰি হুছেইনে কয়, "তেওঁ ৩০হেজাৰ মানুহক লগত লৈ বিজেপিত যোগদান কৰিব বুলি কালি কৈছিল, ৩০হেজাৰতো দূৰৈৰ কথা ৩০জন মানুহো লগত নিব নোৱাৰিলে।"

সুৰেশ বৰাক কংগ্ৰেছৰ 'আনলাকী' বুলি কটাক্ষ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে কয়, "বহুতেই বিশ্বাস কৰে ১৩নম্বৰটো আনলাকী বুলি। আমাৰ কংগ্ৰেছ দলৰ আনলাকী সুৰেশ বৰা। এই 'আনলাকী'বোৰক হিমন্ত বিশ্ব শৰ্মাক দি দিছো।"

ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ ফটোত চিঁয়াহীৰ ক'লা ৰং সনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হুছেইনে কয়, "কংগ্ৰেছৰ কৰ্মীয়ে গুলি খাবলৈও ভয় নকৰে, বেনাৰত ৰঙ সানি কংগ্ৰেছক ভয় খুৱাই লাভ নাই। কংগ্ৰেছৰ ভাল দিন আকৌ ঘূৰি আহিব।"

আনহাতে, অহা ১৫ নৱেম্বৰত নগাঁও জিলাত নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত এখন বৃহৎ গণ সমাবেশ অনুষ্ঠিত হ'ব বুলিও সদৰি কৰে হুছেইনে। সংবাদমেলত তেওঁ কয়, "আজি জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ উপ-সভাপতি প্ৰশান্ত শইকীয়াৰ সভাপতিত্বত অতি ততাতৈয়াকৈ অনুষ্ঠিত হোৱা এক সভাত এই সিদ্ধান্ত লোৱা হয়। বহু কেইজন শীৰ্ষ কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰিব লগীয়া এই সভাত কমেও ২০ হেজাৰ লোকৰ সমাৱেশ ঘটিব। এই সভাৰ পৰাই আমি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধি সাজু হ'ম।"

Also Read: কিশোৰীক ধৰ্ষণ এজন আত্মীয়ৰ, পলাতক অভিযুক্ত

apcc