'ৰাইজে ল'ৰাক বিধায়ক পাতিব বিচাৰিলে কেনেকৈ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি হ'ব?'- ৰকিবুল হুছেইন...

ৰকিবুল হুছেইনৰ মুখ্যমন্ত্ৰীকো কটাক্ষ
'ৰাইজে ল'ৰাক বিধায়ক পাতিব বিচাৰিলে কেনেকৈ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি হ'ব?'- ৰকিবুল হুছেইন...
'ৰাইজে ল'ৰাক বিধায়ক পাতিব বিচাৰিলে কেনেকৈ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি হ'ব?'- ৰকিবুল হুছেইন...
Published on
Updated on

ডিজিটেল সংবাদ চামগুৰিঃ বিধায়ক শূন্য চামগুৰিত এতিয়া ৰাইজক শোষণ কৰা হৈছে। এই অভিযোগ উত্থাপন কৰিছে বিধানসভা সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ।

আজি সাংসদগৰাকীয়ে অভিযোগ কৰি কয় যে, শাসক পক্ষৰ একাংশৰ ছত্ৰছায়াতে চামগুৰিত ড্ৰাগছ আৰু মদৰ প্ৰকোপ বৃদ্ধি পাইছে। আনহাতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীকো তেওঁ সমালোচনা কৰে।

তেওঁ কয় যে, বঢ়মপুৰ সমষ্টিৰ বিধায়কজনে নাজানে নিজৰ সমষ্টিৰ এলেকা। তেওঁ চামগুৰি সমষ্টিত আহি বিতৰণ কৰিছে বিধায়ক পুঁজিৰ ধন।

ইফালে লোকসভা নিৰ্বাচনত ধুবুৰীত প্ৰতিদ্বন্দিতা কৰি সংসদলৈ নিৰ্বাচিত হোৱাৰ ফলত চামগুৰি সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে। এনে পৰিস্থিতিত সমষ্টিটোত ৰকিবুল হুছেইনৰ পুত্ৰই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি প্ৰচাৰ চলিছে। এনে পৰিস্থিতিত ৰকিবুল হুছেইনে সমষ্টিটোত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন হৈছে।

এই সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত হুছেইনে কয়, মোৰ ল'ৰাই NSUI কৰি ঘূৰি ফুৰিছে। ৰাইজে চামগুৰিৰ বিধায়ক বনাব খুজিলে কেনেকৈ পৰিয়াল কেন্দ্ৰীক ৰাজনীতি হ'ব? তেওঁ চামগুৰি সমষ্টি সন্দৰ্ভত পুনৰ কয়, চামগুৰিত নিৰ্বাচনৰ পূৰ্বে বেলেগ দল জিকি থাকে। ভোটগ্ৰহণৰ পাছত কিন্তু কংগ্ৰেছহে জয়যুক্ত হয়। আনহাতে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, যোৰহাটত পৰাজয়ৰ পাছত মুখমন্ত্ৰীয়ে ভয় খাইছে। গতিকে উপ-নিৰ্বাচন হয় নে নহয় তাক লৈ সন্দেহ আছে।

'ৰাইজে ল'ৰাক বিধায়ক পাতিব বিচাৰিলে কেনেকৈ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি হ'ব?'- ৰকিবুল হুছেইন...
ভালুকপুঙত দুৰ্ঘটনাত পতিত বায়ু সেনাৰ বাহনঃ বিষয়াসহ ৫ জন গুৰুতৰভাৱে আহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in