ডিজিটেল সংবাদ,নগাঁও: কন্যা সন্তানক উচ্চ শিক্ষাৰ বাট সুনিশ্চিত কৰা লগতে বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যেৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী পৰিকল্পনাৰে "মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি" শীৰ্ষক অভিলাষী আঁচনিখন ৰূপায়ণ কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে আজি আনুষ্ঠানিকভাৱে ৰাজ্যিক স্তৰত ছাত্ৰী সকলৰ মাজত আঁচনিখৰ চেক বিতৰণ কৰি শুভাৰম্ভ কৰে। ইয়াৰ সমান্তৰালকৈ নগাঁৱতো বিধায়ক ৰূপক শৰ্মাই নগাঁও ছোৱালী কলেজ আৰু নগাঁও মহাবিদ্যালয়ত আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। লগতে ছাত্ৰী সকলৰ মাজত চেক প্ৰদান কৰে।
নগাঁও ছোৱালী কলেজত নগাঁৱৰ বিভিন্ন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ৮৭০ গৰাকী ছাত্ৰীক আৰু নগাঁও মহাবিদ্যালয়ত বিভিন্ন মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯০৯ গৰাকী ছাত্ৰীক এই আঁচনিৰ চেক প্ৰদান কৰে।
ছাত্ৰী সৱলীকৰণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰা আঁচনি খনৰ জৰিয়তে লাভ কৰিবলগীয়া ধনৰাশিৰ চেক সমূহ ছাত্ৰী সকলৰ মাজত বিতৰণ কৰা অনুষ্ঠানত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, মহাবিদ্যালয় দুখনৰ অধ্যক্ষ দ্বয় ক্ৰমে ড: কুলেন চন্দ্ৰ দাস আৰু ৰঞ্জিত কুমাৰ মজুমদাৰ উপস্থিত থাকে।
Also Read: যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত মাজপাথৰিত পাঞ্জা খেলৰ সফল আয়োজন