কচুৱাৰ ৰজাগাঁৱত গ্ৰাম্য ঔষধ সংস্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

গ্ৰাম্য অঞ্চলত গঢ়ি উঠা অনুজ্ঞা পত্ৰ বিহীন ফাৰ্মাচীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী

author-image
Asomiya Pratidin
New Update
কচুৱাৰ ৰজাগাঁৱত গ্ৰাম্য ঔষধ সংস্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

কচুৱাৰ ৰজাগাঁৱত গ্ৰাম্য ঔষধ সংস্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

ডিজিটেল সংবাদ কামপুৰ: আজি পুৱাৰ ভাগত নগাঁও জিলাৰ ৰজাগাঁৱত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত প্ৰতিষ্ঠা দিৱসৰ লগতে সাধাৰন সভাখন অনুষ্ঠিত হয়। এই উপলক্ষে ৰজাগাঁও শংকৰদেৱ বিদ্যানিকেতন পুৱাৰ ভাগত পতাকা উত্তোলনকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছত স্থায়ী সভাপতি জগদীশ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাই বিভিন্ন সময়ত সমাজৰ উন্নয়নৰ লৈ অহা বিভিন্ন কাৰ্যসূচীৰ ওপৰত ব্যক্তব্য ৰাখে।

সভাখনত জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধিয়ে সমাজৰ ব্যাপক ক্ষতিসাধন কৰা বুলি মন্তব্য কৰি চৰকাৰক ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা ল'বলৈ আহ্বান কৰে নগাঁও জিলাৰ গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ সভাপতি জগদীশ দাসে। সভাপতি দাসে গ্ৰাম্য অঞ্চলত চৰকাৰী অনুজ্ঞা পত্ৰ অবিহনে কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে।

তেওঁ চৰকাৰক গ্ৰাম্য ঔষধ ব্যৱসায়ীসকলে ভুক্তভোগী হৈ অহা বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। এই সমস্যাসমূহ সমাধানৰ বাবে সংস্থাৰ সদস্যসকলক মাৰ বান্ধি থিয় হ'বৰ বাবে আহ্বান কৰে।

সভাখনত সংস্থাৰ নগাঁও জিলাৰ সম্পাদক ধনঞ্জয় দাস, উপ সভাপতি যাদৱ বিশ্বাস, বাবুল চক্ৰৱতী, অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক নবেন্দু চন্দ আদি উপস্থিত থাকে।

Also Read: আন্তঃৰাজ্যিক দবা প্ৰতিযোগিতাত কাছাৰৰ দেবাৰতি চতুৰ্থবাৰলৈ চেম্পিয়ন...

কচুৱা গ্ৰাম্য ঔষধ সংস্থা