দুহাতহীন হৈও গেম খেলি ধন উপাৰ্জন কৰা এজন যুৱক...

নগাঁও জিলাৰ চামগুৰিৰ বৰদল নামৰ এটি পিছপৰা অঞ্চলৰ এজন ইউটিউবাৰ, নাম অজিত হ'ৰ

author-image
Asomiya Pratidin
New Update
দুহাতহীন হৈও গেম খেলি ধন উপাৰ্জন কৰা এজন যুৱক...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ চামগুৰিৰ বৰদল নামৰ এটি পিছপৰা অঞ্চলৰ এজন ইউটিউবাৰ, নাম অজিত হ'ৰ। অজিত হ'ৰ বিশেষভাৱে সক্ষম এজন শিক্ষিত যুৱক। জন্মৰে পৰা দুহাতহীন হৈও কিন্তু জীৱন যুঁজত হাৰ মনা নাই স্বাৱলম্বী অজিতে। হাত দুয়োখনেই নাই যদিও দুভৰিৰে অনলাইন গেম খেলি ইউটিউবত আপলোড কৰাৰ লগতে বিভিন্ন ব্লগ তৈয়াৰ কৰিও ইউটিউবৰ জৰিয়তে পৰ্য্যাপ্ত পৰিমাণৰ ধনৰাশি আয় কৰি আহিছিল অজিত হ'ৰয়ে।

এটা সময় আছিল, "Single Boy YT" নামৰ নিজা ইউটিউব চেনেলটোৰ পৰা অজিতে প্ৰতিমাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ১০০ পৰা ২০০ ডলাৰ পৰ্যন্ত। কিন্তু শেহতীয়াকৈ বহু অনলাইন গেম চৰকাৰে ভাৰতত নিষিদ্ধ কৰি দিয়াৰ পিছত এতিয়া কিন্তু ইউটিউবৰ জৰিয়তে কৰা উপাৰ্জনৰ পথ হেৰুৱাই পেলাইছে অজিতে।

ইফালে ২০১৬ বৰ্ষত ভৰিৰে লিখিয়েই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা অজিতৰ এজন অধিবক্তা হোৱাৰ সপোন আছিল যদিও পৰিয়ালটোৰ আৰ্থিক দুৰৱস্থাৰ বাবে সেই সপোন যেন সপোন হৈয়ে ৰৈছে বিশেষভাৱে সক্ষম অজিত হ'ৰৰ বাবে। যাৰ বাবে এটি চৰকাৰী চাকৰি বিচাৰি অজিতে দুভৰিৰে এখন পত্ৰ লিখিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীলৈ।

উল্লেখযোগ্য যে, বিশেষভাৱে সক্ষম এজন অন্যতম ইউটিউবাৰ হিচাপে দুভৰিৰে অনলাইন গেম খেলা অথবা ব্লগ বনোৱাই নহয় অজিতে মাতৃৰ সহায় নোলোৱাকৈয়ে অনায়াসে কৰিব পাৰে ঘৰুৱা কামকাজসমূহ। লক্ষনীয় কথাটো হ'ল যে, যি সময়ত অনলাইন গেম খেলাৰ বাবে নৱপ্ৰজন্ম ক্ৰমান্বয়ে ধংসৰ দিশে গতি কৰিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে ঠিক সেই সময়তে অনলাইন গেম তথা ব্লগৰ জৰিয়তে এজন বিশেষভাৱে সক্ষম যুৱকো উপাৰ্জনমুখী হৈ যে স্বাৱলম্বী হ'ব পাৰে তাকে প্ৰমাণ কৰি দেখুৱালে ইউটিউবাৰ অজিত হ'ৰয়ে।

Also Read: ৰাজ্যৰ উপায়ুক্তৰে মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক...

Handicap