নগাঁৱত শংকৰদেৱ সংঘৰ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ

নগাঁৱত শংকৰদেৱ সংঘৰ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ

author-image
Asomiya Pratidin
New Update
নগাঁৱত শংকৰদেৱ সংঘৰ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ

ডিজিটেল সংবাদ, নগাঁও: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি দেওবাৰে ৰাখি পুৱাতে নগাঁও চহৰত মুকলি কৰা হ’ল গায়ন, বায়ন আৰু সুত্ৰধাৰৰ পূৰ্নাঙ্গ প্ৰতিমূৰ্তি ৷ পঞ্চদশ বিত্তিয় আয়োগৰ ধনেৰে নগাঁৱৰ এছ বি আইৰ কাষত প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে ৷ নৱনিৰ্মিত প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷

নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাই আঁত ধৰা প্ৰতিমূৰ্তি মুকলি সভাখনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ বিষয়ববীয়া সকলো উপস্থিত থাকে৷

ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা সমিতিয়ে আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৩দিনীয়া কাৰ্যসূচীৰ দেওবাৰে অন্তিম দিন৷ প্ৰাত:প্ৰসঙ্গ, পৰিৱেশ নিকাকৰণৰ পিছতে পতাকা উত্তোলন কাৰ্যসূচী পালন কৰা হয় ৷ ইয়াৰ পিছতে জিলা কাৰ্যালয়ৰ চৌহদৰ পৰা ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷

বিধায়ক ৰূপক শৰ্মাই শোভাযাত্ৰা মুকলি কৰাৰ লগতে শোভাযাত্ৰাত খোজকাঢ়ি অংশ গ্ৰহণ কৰে৷ দুপৰ ভাগত চেনাৰাম ডেকাৰ পৌৰহিত্যত ধৰ্মালোচনী সভা অনুষ্ঠিত হয় ৷ সন্ধ্যালৈ অংকীয়া নাট 'পত্নী প্ৰসাদ' অভিনীত হ'ব ৷

Also Read: খেলি থকা অৱস্থাতেই পুখুৰীত পৰি সলিল সমাধি ১০ বছৰীয়া শিশুৰ

শ্ৰীমন্ত শংকৰদেৱ