সংস্কৃত ভাষাৰ প্ৰচাৰ, প্ৰসাৰেৰে সম্ভাষন মুখী কৰি তোলাৰ লক্ষ্য সংস্কৃত ভাৰতীৰ...
সংস্কৃত ভাষাৰ প্ৰচাৰ, প্ৰসাৰেৰে সম্ভাষন মুখী কৰি তোলাৰ লক্ষ্য সংস্কৃত ভাৰতীৰ...

সংস্কৃত ভাষাৰ প্ৰচাৰ, প্ৰসাৰেৰে সম্ভাষন মুখী কৰি তোলাৰ লক্ষ্য সংস্কৃত ভাৰতীৰ...

Published on

ডিজিটেল সংবাদ বটদ্ৰৱাঃ জনমানসত সংস্কৃত ভাষাৰ প্ৰচাৰ প্ৰসাৰ কৰি সম্ভাষন মুখী কৰি তোলাৰ লক্ষ্যৰে সংগঠিত সংস্কৃত ভাৰতী নগাঁও জিলা শাখাৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক আজি আমোলাপট্টীস্থিত বৃন্দাবনধাম চতুষ্পাঠী সংস্কৃত টোলত অনুষ্ঠিত হয়। উক্ত বৈঠকত উপস্থিত থাকে জিলা শাখাৰ অধ্যক্ষ ড০ ত্ৰিদিৱ গোস্বামী, সমাজ কৰ্মী যুগল শৰ্মা, অজিত সিং, অধিবক্তা নিতুল ৰাজবংশী, নগাঁও বালিকা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা ৰশ্মি ডেকা, নগাঁও মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা ড০ পুষ্পা শ‌ইকীয়া, ৰূপহী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ সহকাৰী অধ্যাপিকা সুনয়না দেবী, সংস্কৃত ভাৰতী, জিলা শাখাৰ মন্ত্ৰী দেৱকান্ত শৰ্মা, সহ মন্ত্ৰী সুমন শৰ্মাকে আদি কৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাগৰাকী ব্যক্তি।

বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰি সংস্কৃত ভাৰতী, উত্তৰ অসম প্ৰান্তৰ বিদ্যালয়ৰ কাৰ্য্য প্ৰমূখ অনিৰ্বাণ শৰ্মাই "সংস্কৃত ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ প্ৰাসংগিকতা আৰু আগন্তুক কাৰ্য্য যোজনাৰ বিশেষ গুৰুত্ব প্ৰদান কৰি অহা ফ্ৰেব্ৰুৱাৰী মাহৰ ২৫ তাৰিখে হবলগীয়া জিলা ভিত্তিত সংস্কৃত সন্মিলনৰ" বিষয়ে বিষদভাৱে বিশ্লেষণ কৰে।

সমাজ কৰ্মী যুগল শৰ্মাৰ আহ্বান কৰ্মে উক্ত সন্মিলনৰ বাবে আনুষ্ঠানিকভাৱে এক পৰিচালনা সমিতিৰ গঠন কৰি জিলা খণ্ড গাঁৱত অৱস্থিত সংস্কৃত ভাষা অনুগামীসকলৰ মাজত সম্পৰ্ক অভিযান কাৰ হ‌ওক বুলি মত ব্যক্ত কৰে। বৈঠকৰ সৰ্বতোসন্মতি ক্ৰমে দুই সংস্কৃত প্ৰেমিক নগাঁও জিলা সংস্কৃত সন্মিলনৰ সভাপতি পদত সিদ্ধাৰ্থ কুমাৰ শ‌ইকীয়াক আৰু সম্পাদক পদত শান্তনু কুমাৰ বৰাক দায়িত্ব প্ৰদান কৰে।

শান্তি মন্ত্ৰৰে সমাপ্ত কৰা বৈঠকৰ অন্তত সংস্কৃত সন্মিলনখনত সংস্কৃতময় শুভাযাত্ৰা, এক আলোচনা চক্ৰ, বাৰ্ষিক মুখপত্ৰ আৰু বিশেষ আকৰ্ষণ সংস্কৃতত বিজ্ঞান(Science in Sanskrit) সংস্কৃতত বস্তুৰ প্ৰদৰ্শনী সকলো জনগণৰ বাবে প্ৰস্তুত হ'ব বুলি শান্তনু কুমাৰ বৰাই অবগত কৰে।

সংস্কৃত ভাষাৰ প্ৰচাৰ, প্ৰসাৰেৰে সম্ভাষন মুখী কৰি তোলাৰ লক্ষ্য সংস্কৃত ভাৰতীৰ...
অবিবাহিতা মহিলা উন্নয়ন সমিতিৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in