নগাঁও-মৰিগাঁও জিলাৰ সত্ৰৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন...

অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ দ্বাৰা পুনৰ নগাঁও আৰু মৰিগাঁও জিলাৰ সত্ৰসমূহৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন...
নগাঁও-মৰিগাঁও জিলাৰ সত্ৰৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যখনৰ সত্ৰসমূহৰ ভূমি সমস্যা সমাধান কৰাৰ লগতে ইয়াৰ ৰক্ষণাবেক্ষণৰ বিষয়টো নিশ্চিত কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ২০২১ চনত বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত গঠন কৰা অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এক উচ্চস্তৰৰ দলে শুকুৰবাৰে নগাওঁ আৰু মৰিগাঁও জিলাৰ সত্ৰসমূহৰ পুনৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰাৰ বাবে নগাওঁ জিলাত উপস্থিত হয়।

অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ উপদেষ্টা তথা অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ড° ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই, উপদেষ্টা তথা নাবাৰ্ডৰ প্ৰাক্তন মুখ্য মহাপ্ৰৱন্ধক তপন কুমাৰ হাজৰিকা, সদস্য সচিব অশোক কুমাৰ বৰ্মন, আইএএছ (অৱসৰপ্ৰাপ্ত) পৰামৰ্শদাতা এম পি শৰ্মা, এচিএছ (অৱসৰপ্ৰাপ্ত) পৰামৰ্শদাতা অতুল দাস আৰু এএছঅ' উত্তম বৰাৰে গঠিত উচ্চস্তৰীয় দলটোৱে প্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বংশধৰে স্থাপন কৰা আৰু নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক শ্ৰীশ্ৰী ধিং শলগুৰি সত্ৰ ভ্ৰমণ কৰে।

উপদেষ্টা তপন কুমাৰ হাজৰিকাই সত্ৰ পৰিচালনা সমিতিক সম্বোধন কৰি ভ্ৰমণৰ মূল উদ্দেশ্য দাঙি ধৰে আৰু সত্ৰৰ বৰ্তমানৰ সদস্যসকলৰ পৰা তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে বুজ লয়। ইয়াৰ পিছত দলটোৱে শ্ৰীশ্ৰী দামোদৰ দেৱ থান বালি সত্ৰ, বটদ্ৰৱা পৰিদৰ্শন কৰি শ্ৰীশ্ৰী নৰোৱা বালি সত্ৰৰ পৰিচালনা সমিতিৰ সৈতে সত্ৰখনৰ ইতিহাস আৰু বিষয়সমূহৰ ওপৰত গভীৰ আলোচনা কৰে। ইয়াৰ পিছতে দলটোৱে বটদ্ৰৱাৰ শ্ৰীশ্ৰী ৰামপুৰ সত্ৰৰ স্থান পৰিদৰ্শন কৰে ।

পৰিদৰ্শন কাৰ্যসূচীৰ পৰৱৰ্তী অংশত দলটোৱে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰীশ্ৰী বটদ্ৰৱা থান সত্ৰ ভ্ৰমণ কৰি ৰামপুৰ সত্ৰৰ সত্ৰধিকাৰ দেবানন্দ দেৱ গোস্বামীক লগ ধৰে। যিয়ে শ্ৰীশ্ৰী ৰামপুৰ সত্ৰৰ অসুবিধাসমূহৰ সন্দৰ্ভত দলটোক অৱগত কৰে। ইয়াৰ পিছত দলটোৱে শ্ৰীশ্ৰী দামোদৰ দেৱ ধনীয়া ভেটি সত্ৰ এলেকা ভ্ৰমণ কৰে আৰু ইয়াৰ পিছত দলটোৱে শ্ৰীশ্ৰী কুবাইকটা সত্ৰ পৰিদৰ্শন কৰি থান পৰিচালনা সমিতিক সাক্ষাৎ কৰে। তদুপৰি দলটোৱে শ্ৰীশ্ৰী পানবাৰী সত্ৰ এলেকা পৰিদৰ্শন কৰে। নগাঁও জিলাৰ প্ৰধান সত্ৰসমূহৰ লগতে উচ্চস্তৰীয় বিষয়াৰ দলটোৱে মৰিগাঁও জিলাৰ পাটেকীবৰি সত্ৰ‌ও পৰিদৰ্শন কৰে আৰু সত্ৰ পৰিচালনা সমিতিৰ সৈতে এক বৈঠকত মিলিত হয়।

এই সত্ৰসমূহ পৰিদৰ্শন কালত সত্ৰ আয়োগৰ উচ্চস্তৰীয় দলটিৰ লগত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ) মনোৰমা মৰাং, নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰী, মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ) বিমান দাস, মৰিগাঁও জিলাৰ লাহৰিঘাট ৰাজহ চক্ৰ বিষয়া প্রিয়ংকা বনিয়া, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাকে আদি কৰি দুয়োখন জিলাৰে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

নগাঁও-মৰিগাঁও জিলাৰ সত্ৰৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন...
সমাজকৰ্মী আলহাজ হবিব উল্লাহৰ মৃত্যুঃ শিৱসাগৰত দল-সংগঠনৰ শোক প্ৰকাশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in