হোজাই জিলাত ১৪৪ ধাৰা বলৱৎ...

হোজাই জিলাত ১৪৪ ধাৰা বলৱৎ...

author-image
Asomiya Pratidin
New Update
হোজাই জিলাত ১৪৪ ধাৰা বলৱৎ...

ডিজিটেল সংবাদ,লংকা : শেহতীয়াকৈ অসমত সংঘটিত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰভাৱ যাতে হোজাই জিলাত নপৰে‌ তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ১৪৪ ধাৰা বলৱৎ কৰে। ইয়াৰ উপৰিও জিলাখনৰ বিভিন্ন স্থানত আৰক্ষী আৰু জিলা প্ৰশাসনে ফ্লেগ মাৰ্চ কৰি জনসাধাৰণক শংকিত নহ'বলৈ আহ্বান জনায়। লগতে কোনোধৰণৰ উৰাবাতৰি প্ৰতি বিশ্বাস নকৰিবলৈ আহ্বান জনায়।

মঙলবাৰে লংকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অপৰূপা বৰগোহাঁইৰ নেতৃত্বত কাকী আৰক্ষীয়ে কাকীত ৰোড মাৰ্চ কৰে। পথতে ৰাইজক সজাগ আৰু সৰ্তক থাকিবলৈ আহ্বান জনাই কেইবাখনো সজাগতা সভা অনুষ্ঠিত কৰে।

কোনো অচিনাক্ত ব্যক্তি দেখিলে লগে স্থানীয় আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাই চক্ৰ বিষয়াগৰাকীয়ে। ইফালে হোজাই জিলা প্ৰশাসনে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোনো লোক জিলাখনত অসামাজিক, ধৰ্মবিৰোধী অথবা ৰাষ্ট্ৰ বিৰোধী কামত দৃষ্টি গোচৰ হ'লে, জয়শংকৰ শৰ্মা ,অতিৰিক্ত আয়ুক্ত, ম'বাইল নং 9864112238 ,বনী ইনাম ছাদ্দব অতিৰিক্ত আয়ুক্ত, ম'বাইল নং,7086592978, সোনাক্ষী ব্ৰক্ষ, অতিৰিক্ত আয়ুক্ত ম'বাইল নং 9864329979 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

একেদৰে পল্লৱ তামুলী, অতিৰিক্ত আৰক্ষী অধীক্ষক, ম'বাইল নং 9435053769 আৰু ৰূপম বৰদলৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক ম'বাইল নং 9127268812 আৰু জিলা নিয়ন্ত্ৰণ কক্ষৰ, 6003256039 আৰু 03674284022 নম্বৰত যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনে ৰাইজক আহ্বান জনাইছে।

Also Read: স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে জামুগুৰিহাট আৰু বালিপৰাত প্ৰতিবাদ

hojai