আৰক্ষী চাউনীৰ চাফাই কৰ্মীৰ সন্তান উজলিল সৰ্বভাৰতীয় NEET ত...

আৰক্ষী চাউনীৰ চাফাই কৰ্মীৰ সন্তান উজলিল সৰ্বভাৰতীয় NEET পৰীক্ষাত...
আৰক্ষী চাউনীৰ চাফাই কৰ্মীৰ সন্তান উজলিল সৰ্বভাৰতীয় NEET পৰীক্ষাত...
Published on
Updated on

ডিজিটেল সংবাদ চামগুৰিঃ কঠোৰ পৰিশ্ৰম তথা একাগ্ৰতাৰ বলত যে অসম্ভৱকো সম্ভৱ কৰিব পৰা যায় তাৰে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে নগাঁও জিলাৰ বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ আবাসিক এলেকাত বসবাস কৰা এটি পৰিয়ালৰ এজন মেধাৱী ছাত্ৰই। মেধাৱী ছাত্ৰ জনৰ নাম শিৱম দাস।

পিতৃহাৰা শিৱমৰ মাতৃ এগৰাকী চাফাইকৰ্মী হিচাপে চাউনিটোত ২০১৩ চনৰ পৰা কৰ্মৰত হৈও পুত্ৰ শিৱমক উপযুক্ত শিক্ষা প্ৰদানৰ বাবে কৰি আহিছিল চেষ্টা । যাৰ পৰিণতিত শিৱমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮২ শতাংশ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কৰি সুক্ষাতিৰে উৰ্ত্তীণ হোৱাৰ পিছত সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ NEETত অসমৰ পৰা স্থান লাভ কৰি যোৰহাট মেডিকেল কলেজত চিকিৎসা বিজ্ঞান পঢ়িবলৈ সুযোগ লাভ কৰিছে।

শিৱমৰ এই শেহতীয়া সফলতাই মাতৃ-জ্যেষ্ঠ ভগ্নীকে ধৰি সমগ্ৰ আৰক্ষী চাউনিটোলৈকৈ কঢ়িয়াই আনিছে আনন্দৰ জোৱাৰ। ইফালে "আৰক্ষীৰ সন্তান বেয়া হয়" বোলা চৰ্চিত অপবাদ যে প্ৰকৃততে মিছা তাক শিৱমৰ দৰে একাংশ মেধাৱী সন্তানৰ সফলতাই প্ৰমান কৰি দেখুৱাইছে বুলি গৰ্বেৰে প্ৰকাশ কৰিলে চাউনিটোৰ একাংশ প্ৰতিবেশী মহিলাই।

আৰক্ষী চাউনীৰ চাফাই কৰ্মীৰ সন্তান উজলিল সৰ্বভাৰতীয় NEET পৰীক্ষাত...
পুনৰ জম্মু-কাশ্মীৰত সেনাৰ গুলীত সন্ত্ৰাসবাদী নিহতঃ অব্যাহত আছে অভিযান..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in