নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী মুকুট ভূঞাৰ মৃত্যু: বিধায়ক ৰূপক শৰ্মাৰ শোক প্ৰকাশ

নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী মুকুট ভূঞাৰ মৃত্যু: বিধায়ক ৰূপক শৰ্মাৰ শোক প্ৰকাশ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ নতুন বজাৰৰ বাসিন্দা বিশিষ্ট সমাজকৰ্মী, বাতৰি কাকত পৰিৱেশক মুকুট ভূঞাৰ মৃত্যু। সমাজকৰ্মী ভূঞা গুৰুতভাৱে অসুস্থ হৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে বৃহস্পতিবাৰে দুপৰীয়া দেহাৱসান ঘটে।

উল্লেখযোগ্য যে লোকসেৱক হলধৰ ভূঞাৰ পুত্ৰ মুকুট ভূঞা যোৱা ২৮ জুলাইৰ পৰা নগাঁৱৰ ডিউ কেয়াৰ নামৰ চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন হৈ থকাৰ কথা জানিব পাৰি যোৱা ৩১ জুলাইৰ পুৱাৰ ভাগত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই চিকিৎসালয়খনত উপস্থিত হৈ ভূঞাৰ স্বাস্থ্যৰ বুজ লৈছিল।

উক্ত সময়চোৱাত বিধায়ক শৰ্মাই ভূঞাৰ আত্মীয়ৰ লগতো মত-বিনিময় কৰি সমাজকৰ্মীগৰাকীৰ স্বাস্থ্যৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰাৰ আশ্বাস দিছিল। কিন্তু ভূঞাৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়খনৰ এটি বিশেষজ্ঞ চিকিৎসকৰ দলে বহু চেষ্টা চলাইছিল।

শেহতীয়াকৈ ভূঞাৰ তেজ পৰীক্ষাত শৰীৰত জাপানীজ এনকেফ্লাইটিছ ৰোগৰ অৱস্থিতি পোহৰলৈ আহিছিল। শাৰীৰিক অসুস্থাতাত ভুগি থকা ৮৪ বছৰীয়া মুকুট ভূঞাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ চহৰখনতে শোকৰ ছাঁ পেলায়। তেওঁৰ মৃত্যুত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, শ্ৰীমন্ত শংকৰ মিশ্যন, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাকে ধৰি বহু সংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী মুকুট ভূঞাৰ মৃত্যু: বিধায়ক ৰূপক শৰ্মাৰ শোক প্ৰকাশ
চোকা অস্ত্ৰৰে মোমায়েকে হত্যা কৰিলে ভাগিনীয়েকক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in