ডিজিটেল সংবাদ,কামপুৰ : নগাঁৱৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত নগাঁও নতুন বজাৰ চাৰিআলিস্থিত অতি পুৰণি বাতৰিকাকত বিতৰক মুকুট ভূঞাৰ মৃত্যুত কামপুৰ অঞ্চলতো গভীৰ শোকৰ ছাঁ পৰিছে। কামপুৰ তেঁতেলীসৰাৰ বিশিষ্ট ব্যক্তি স্বাধীনতা সেনানী লোকসেৱক প্ৰয়াত হলধৰ ভূঞাৰ সুযোগ্য সন্তান মুকুট ভূঞা নগাঁও চহৰত বসবাস কৰিলেওঁ কামপুৰৰ বিজ্ঞ সমাজখনৰ সৈতে নিবিড় সম্পৰ্ক আছিল।
ৰাজহুৱা কৰ্মী হিচাপে পৰিচিত মুকুট ভূঞাক কামপুৰ কেন্দ্ৰীয় ৰাসোৎসৱৰ মহাৰজত জয়ন্তী উৎসৱত ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সামাজিক স্বীকৃতি প্ৰদান কৰিছিল। উল্লেখযোগ্য যে অসমত পোন প্ৰথমবাৰৰ বাবে কণ কণ শিশুসকলৰ মাজত সাধু কোৱা প্ৰতিযোগিতা মুকুট ভূঞাৰ নেতৃত্বতে নগাঁৱৰ নেহেৰুবালিত অনুষ্ঠিত কৰা হৈছিল।
বনৌষধিৰ জ্ঞানৰ সন্দৰ্ভত বিশেষ দখল থকা মুকুট ভূঞাই এটা সময়ত জিলাখনৰ দুখীয়া ছাত্র-ছাত্ৰীসকলক বিশেষভাৱে সহায় আগবঢ়োৱাৰ লগতে তেওঁৰ বাতৰি বিতৰণ প্ৰতিষ্ঠানত ছাত্র-ছাত্ৰীসকলক বিনামূলীয়াকৈ বাতৰি কাকত পঢ়াৰ ব্যৱস্থা কৰি দিছিল।
বাতৰিকাকতৰ বিতৰকৰ পূৰ্বে ৭০ দশকতে মুকুট ভূঞাই পুনে ফিল্ম ইনষ্টিটিউটৰ পৰা চিনেমাৰ সম্পাদনা বিভাগৰ ডিপ্লমা লৈ কেবাখনো হিন্দী চিনেমাৰ সম্পাদনাৰ সৈতে জড়িত হৈ আছিল। পুনেত অধ্যয়ন কৰি থকা সময়তে সহপাঠী বিশিষ্ট চিত্ৰ পৰিচালক অদুৰ গোপাল কৃষ্ণন,সুভাষ ঘাই আৰু অভিনেতা আচৰানীৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল।
বৃহস্পতিবাৰে বিশিষ্ট সমাজ সংগঠকগৰাকীৰ মৃত্যুত জন্ম গাঁও তেঁতেলীসৰাৰ ভূঞাৰ পৰিয়ালৰ লগতে,মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰা, কামপুৰ প্ৰিন্ট মেডিয়া এছ'চিয়েচন, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, কামপুৰ শাখা সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মুকুট ভূঞালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Also Read: কৰিমগঞ্জত ৪ কোটি টকাৰ হেৰ'ইনসহ বাহন জব্দ : আটক সৰবৰাহকাৰী