নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত মহাসপ্তমী পূজা সম্পন্ন

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত মহাসপ্তমী পূজা সম্পন্ন

author-image
Asomiya Pratidin
New Update
আজি মহাসপ্তমী : মানকাচৰ-মেঘালয়ৰ শতাধিক মন্দিৰত দেৱীক অঞ্জলি প্ৰদান

ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপত মহাসপ্তমী পূজা সম্পন্ন কৰা হয়। বটদ্ৰৱাৰ সমীপৱৰ্তী ভেটিয়নী গাঁও সাৰ্বজনীন দূৰ্গা ৰ্পূজা, বটদ্ৰৱা গৌৰীনাথ শিৱমন্দিৰ দূৰ্গা পূজা, মাজজাজৰি সাৰ্বজনীন দূৰ্গোৎসৱ আদি কেইবাঠাইতো শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰা হৈছে।

এই সমিতি সমূহৰ সৌজন্যত শনিবাৰে মহাসপ্তমী পূজাভাগ সুকলমে সম্পন্ন হয়। অগণন ভক্তৰ সমাগমত দেৱী বন্দনা, পূজা অৰ্চনাৰে মুখৰ এক পৰিবেশত এক বৃহৎ সংখ্যক লোকে সেৱা জনোৱাৰ উপৰি নিৰ্মালি, প্ৰসাদ, ভোগ আদি গ্ৰহণ কৰে।

সপ্তমী পূজা উপলক্ষে গৌৰীনাথ শিৱমন্দিৰ প্ৰাংগণত নিশা পুতুল চন্দ্ৰ নাথে লোকগীত আৰু প্ৰভাত চন্দ্ৰ দাসে ভক্তিমূলক গীত পৰিবেশন কৰে। আনহাতে দেওবাৰে মহাষ্টমী পূজা উপলক্ষে পুৱাৰে পৰা চণ্ডীপাঠ, মহা অষ্টমী বিহিত পূজা, মহা আৰতিৰ পাছত নিশা আংগিক সত্ৰীয়া নৃত্য দল নৃত্যানুষ্ঠান, ৰাইডঙীয়া শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ গীত নৃত্যৰ অনুষ্ঠানৰ উপৰিও মনিকাঞ্চন লোকবাদ্য দলে অনুষ্ঠান পৰিবেশন কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

Also Read: এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ মহানুভৱতা : পুথিভঁৰাললৈ আগবঢ়ালে শতাধিক কিতাপ

batadraba durga puja