ডিজিটেল সংবাদ নগাঁও: পুত্ৰৰ মৃত্যুৰ শোঁকত মৃত্যু বৃদ্ধা মাতৃৰ ৷ একেদিনতে পুত্ৰ আৰু মাতৃৰ মৃত্যুৰ ঘটনাই শোকৰ ছাঁ পেলাইছে নগাঁৱত ৷ ঘটনাটি নগাঁও চহৰৰ পানীগাঁও দূৰ্গাবাড়ীত ৷
হাঁহি মাতি কথা পাতি থকা হৰেকৃষ্ণ সেন নামৰ লোকজনৰ পুৱা মৃত্যু হয় ৷ হৰেকৃষ্ণ সেনে পুৱা শৌচাগাৰলৈ যোৱাৰ পিছত চুবুৰীয়াই মৃত অৱস্হাত উদ্ধাৰ কৰে ৷ বহু সময় শৌচাগাৰৰ পৰা বাহিৰলৈ ওলাই নহাত চুবুৰীয়াই দুৱাৰ ভাঙি প্ৰত্যক্ষ কৰে শৌচাগাৰত পৰি থকা অৱস্হাত ৷
পিছত নগাঁও মেডিকেল কলেজলৈ লৈ যোৱা হয় যদিও চিকিৎসকে ইতিপূৰ্বে ৫৫ বছৰীয়া হৰেকৃষ্ণ সেনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷ ইফালে এই ঘটনাৰ পিছত বিয়লি মৃত্যু হয় মাতৃৰো ৷
মাতৃ চন্দ্ৰা সেন (৮৫) কিছুদিন ধৰি অসুস্হ হৈ আছিল ৷ পুৱা পুত্ৰৰ আকস্মিক মৃত্যুৰ বিষয়ে জানিব পাৰি চন্দ্ৰা সেন অসুস্হ হৈ পৰে আৰু মৃত্যুক সাৱতি লয় ৷ মাতৃ আৰু পুত্ৰৰ এই কৰুণ মৃত্যুৰ ঘটনাই শোকস্তব্ধ কৰিছে পানী গাঁও এলেকাটোত ৷ হৰেকৃষ্ণ সেন পেশাত ইলেক্ট্ৰিচিয়ান আছিল ৷
Also Read: সন্মিলিত গনশক্তি অসমৰ কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠন...