ভয়ংকৰ ঘটনাঃ পুত্ৰই বাঁহেৰে মৰিয়াই হত্যা কৰিলে মাতৃক...

ভয়ংকৰ ঘটনাঃ পুত্ৰই বাঁহেৰে মৰিয়াই হত্যা কৰিলে মাতৃক...

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

ভয়ংকৰ ঘটনাঃ পুত্ৰই বাঁহেৰে মৰিয়াই হত্যা কৰিলে মাতৃক...

ডিজিটেল ডেস্কঃ ৰাজ্যত সংঘটিত হৈছে সংঘটিত এক ভয়ংকৰ ঘটনা। নিজ পুত্ৰৰ হাততে প্ৰাণ গ'ল এগৰাকী মাতৃৰ। এই জঘণ্য ঘটনা সংঘটিত হৈছে ৰূপহীহাটত।

জানিব পৰা মতে জিয়াবুৰ ৰহমান নামৰ এজন যুৱকৰ প্ৰহাৰত মৃত্যু হয় ৫০ বছৰীয়া মাতৃৰ। পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হোৱা এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য সৃষ্টি কৰিছে।

মাতৃহন্তা জিয়াবুৰে বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ মাতৃক। এই হত্যাকাণ্ড সংঘটিত কৰিয়েই ঘৰ এৰি পলায়ন কৰে জিয়াবুৰ ৰহমানে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয়হি ৰূপহীহাট আৰক্ষী। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই হত্যাকাৰী জিয়াবুৰ ৰহমানক।

Also Read: জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰিলে মনজিৎ মহন্তই...

অসম আৰক্ষী অপৰাধ