আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশন

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, বেবেজীয়া : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৩ সংখ্যক বাৰ্ষিক অধিবেশন দুই দিনীয়া কাৰ্যসূচীৰে ৪ আৰু ৫ ফেব্ৰুৱাৰীত সৎচিদানন্দ আঞ্চলিক শাখাৰ আতিথ্যত পুণ্যশ্লোক ৰমাকান্ত মুক্তিয়াৰ আতা সমন্বয় ক্ষেত্ৰ, বাৰপুজীয়া শংকৰ মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হব ৷

সেই অনুসৰি ৪ ফেব্ৰুৱাৰীত পুৱা প্ৰাতঃ প্ৰসঙ্গ, পৰিবেশ নিকাকৰন, বৃক্ষৰোপণ , সেৱাবাহিনীৰ শিবিৰ উদ্বোধন,মূল তোৰণ উদ্বোধন অনুষ্ঠিত হোৱাৰ পিছত দিনৰ ১০ বজাত প্ৰতিনিধি সভাৰ প্ৰথম বৈঠক আৰু বিয়লি দুই বজাত দ্বিতীয় বৈঠক অনুষ্ঠিত হব ৷

সন্ধ্যা শিশু, আই মাতৃ কৈলান শাখা আৰু সেৱাবাহিনীৰ সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হব ৷নিশা নৱ নিৰ্বাচিত জিলা কাৰ্যনিৰ্বাহক সভাৰ বৈঠক অনুষ্ঠিত হব । ৫ ফেব্ৰুৱাৰীত পুৱা নৱ নিৰ্বাচিত জিলা সভাপতিয়ে পতাকা উত্তোলন কৰি দ্বিতীয় দিনাৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব ৷

দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হব মুকলি সভা ৷ মুকলি সভাত ড° হেমন্ত কুমাৰ দাস ,জ্যোতি প্ৰসাদ ভূঞা,বিধায়কদ্বয় শশী কান্ত দাস,ৰমাকান্ত দেউৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ৷ বিয়লি স্মৃতি গ্ৰন্থ উন্মোচন,সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব ৷ অধিৱেশনৰ দুই দিনাৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰাই সকলোকে আহ্বান জনাইছে ৷

আৰু পঢ়ক : চিৰাঙৰ গুণোৎসৱত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ মূল্যায়ন

shankar sangha