ডিজিটেল সংবাদ,কামপুৰ : ১৯৪২ চনত ব্ৰিটিছ প্ৰশাসনৰ বুকু কঁপাই তোলা কামপুৰৰ মুক্তিযুঁজাৰুদ্বয় ভি বি ৰাম বৰা আৰু মানিক বৰাৰ প্ৰতিমূৰ্তি শনিবাৰে উন্মোচন কৰা হয়। যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতিত আৰু এক মাংগলিক পৰিবেশত দুয়োগৰাকী ব্যক্তিৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়।
উল্লেখযোগ্য যে কামপুৰৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয় প্ৰাংগণত স্থাপন কৰা হয় মুক্তিযোদ্ধ দুয়োগৰাকীৰ প্ৰতিমূৰ্তি। প্ৰতিমূৰ্তি ভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য কান্ত হাজৰিকা, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা আৰু 'ষ্টাৰ চিমেন্ট' লিমিটেডৰ মূখ্য বিষয়া প্ৰদীপ পুৰোহিতে ।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজনীয় যে অসম জাতীয়তাবাদী যুৱ পৰিষদ, কামপুৰ আঞ্চলিক সমিতি, মুক্তি যুঁজাৰু স্মৃতি ৰক্ষা সমিতি, কামপুৰ আৰু নাগৰিক উন্নতি সাধিনী মঞ্চ, গুৱাহাটীৰ উদ্যোগত তথা ষ্টাৰ চিমেন্ট লিমিটেডৰ সহযোগত এই মুক্তি যুঁজাৰুদ্বয়ৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।
ইয়াৰ পিছতে এই উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি কামপুৰ স্বৰাজ ভৱনত আয়োজন কৰা মুকলি সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে বিশিষ্ট সাংবাদিক সম্পাদক গুৰমাইল সিঙে। উক্ত অনুষ্ঠানতে ড° নন্দ সিং বৰকলাৰ "নুলঘুলি" গ্ৰন্থ উন্মোচন কৰা হয়।
Also Read: ভাৰত চৰকাৰক বাংলাদেশৰ বিভিন্ন দল-সংগঠনৰ দাবী : শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক শ্বেখ হাছিনা আৰু ভগ্নীক