বন্যহস্তীৰ সন্ত্ৰাস সমাধানৰ দাবীত নগাঁৱত ধৰ্মঘট...

বন্যহস্তীৰ সন্ত্ৰাস সমাধানৰ দাবীত নগাঁৱত ধৰ্মঘট...
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁওঃ বন্যহস্তীৰ সন্ত্ৰাস সমাধানৰ দাবীত বৃহস্পতিবাৰে নগাঁৱত ধৰ্মঘটত বহিল কৃষক। নগাঁও জিলাৰ ননৈ-কন্দলী বন্যহস্তী সন্ত্ৰাস সমাধান সংগ্ৰাম সমিতিৰ উদ্যোগত নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত বন্যহস্তীৰ সন্ত্ৰাস বন্ধ কৰাৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

ধৰ্মঘটকাৰীসকলে কৃষক ৰাইজক বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা সকাহ দিবৰ বাবে বন বিভাগক দাবী জনায় বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। বন্যহস্তীৰ সন্ত্ৰাস সমিতিৰ নেতা বিৰিঞ্চি বৰাই বনবিভাগক কঠোৰ সমালোচনা কৰি কয় যে নগাঁও জিলাৰ ননৈ, কন্দলি, কঠিয়াতলি আদি কেইবাটাও অঞ্চলত বনৰীয়া হাতীয়ে বছৰৰ পিছত বছৰ ধৰি সন্ত্ৰাস চলাই আহিছে।

ফলত কৃষকৰ বিস্তৰ ক্ষতিসাধন হৈছে। তদুপৰি বনৰীয়া হাতীৰ আক্ৰমণত বহুতৰ ঘৰ দুৱাৰৰো ক্ষতিসাধন হোৱাৰ লগতে বহু লোকৰ মৃত্যু হৈছে। বনবিভাগে এই এলেকাত বনৰীয়া হাতীৰ সন্ত্ৰাস ৰোধ কৰাৰ বাবে ছ'লাৰ ফেন্সিং দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া আজিলৈকে কাৰ্যকৰী নকৰাত ধৰ্মঘটকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে।

দুমাহৰ ভিতৰত অঞ্চলটোত বনৰীয়া হাতীৰ সন্ত্ৰাস ৰোধ কৰাৰ ফলপ্ৰসু ব্যৱস্থা বনবিভাগ আৰু জিলা প্ৰশাসনে গ্ৰহণ নকৰিলে সংগ্ৰাম সমিতিয়ে পথ অৱৰোধৰ দৰে শক্তিশালী আন্দোলন গঢ়ি তুলিব বুলি সংশ্লিষ্ট সকলোকে সতৰ্ক কৰি দিয়ে।

বন্যহস্তীৰ সন্ত্ৰাস সমাধানৰ দাবীত নগাঁৱত ধৰ্মঘট...
জাহাংগীৰৰ ছিন্ন মুণ্ড বিচাৰি আৰক্ষীৰ অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in