ৰাজপথত ধন দাবী কৰি গ্ৰেপ্তাৰ উচ্চ শিক্ষিত ছাত্ৰ নেতা...

পূৰ্বেও উৰিয়াগাঁও আৰু পাথৰি চকৰ আশে-পাশে ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ
ৰাজপথত ধন দাবী কৰি গ্ৰেপ্তাৰ উচ্চ শিক্ষিত ছাত্ৰ নেতা...
ৰাজপথত ধন দাবী কৰি গ্ৰেপ্তাৰ উচ্চ শিক্ষিত ছাত্ৰ নেতা...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: একাংশ উচ্চ শিক্ষিত যুৱক সহজ ধনৰ লালসাত পৰি পথভ্ৰষ্ট হৈছে। আজি নগাওঁ আৰক্ষীয়ে দুই উচ্চ শিক্ষিত যুৱকক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পাছতে বিষয়টোক লৈ চৰ্চা হৈছে।

এটা ছাত্ৰ সংগঠনৰ নগাওঁ জিলাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন লঘু ক্ৰীড়া সম্পাদক জড়িত হৈছে ৰাজপথৰ ট্ৰাকৰ পৰা অবৈধ ধন সংগ্ৰহৰ দৰে অসমাজিক কাৰ্যত। ফলশ্ৰুতিত এতিয়া কাৰাগাৰৰ আলহী দুজনকৈ শিক্ষিক যুৱক।

অভিযোগ অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ছাত্ৰ নেতা ঋত্বিক কাশ্যপে নগাঁৱৰ আন এজন সহযোগী নিবিড় পালে মঙ্গলবাৰে দিনৰ প্ৰায় ১ বজাত নগাঁও বাইপাছ চকত এখন অভাৰ লোড বাহনৰ পৰা ধন সংগ্ৰহৰ চেষ্টা চলাইছিল। বাহনখনৰ চালকক প্ৰথমে গালি-গালাজ, অভব্য আচৰণ কৰি অভাৰ লোড কৰি সামগ্ৰী সৰবৰাহ কৰিবলৈ দিয়া নহ'ব বুলি কৈ বৃহৎ পৰিমাণৰ ধন দাবী কৰে। দুয়োৰে এনে অপকৰ্মৰ বিৰুদ্ধে জাগীৰোডৰ চাহিল আলিয়ে নগাঁও আৰক্ষীক অৱগত কৰে।

পাছত নগাঁও আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই অপকৰ্মত জড়িত হোৱা দুই উচ্চ শিক্ষিত যুৱককে আটক কৰে। সম্প্ৰতি ঋত্বিক আৰু নিবিড়ক ৭৪০/২৪ গোচৰত গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও উৰিয়াগাঁও আৰু পাথৰি এই দুই চকৰ আশে-পাশে এনেধৰণৰ বিভিন্ন ধনদাবীৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হৈছে যদিও কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা পৰিলক্ষিতও হোৱা নাই।

ৰাজপথত ধন দাবী কৰি গ্ৰেপ্তাৰ উচ্চ শিক্ষিত ছাত্ৰ নেতা...
ধেমাজিত চিকিৎসকৰ অভব্য আচৰণঃ জিলা আয়ুক্তৰ কাষ চাপিল শিক্ষয়িত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in