ডিজিটেল সংবাদ, ৰহা: ৰহাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিছে সকলো। বিদ্যুৎ বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে ৰহাত অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ। ৰহাত বিভিন্ন দল-সংগঠনে স্মাৰ্ট মিটাৰ সম্পৰ্কত চৰকাৰ আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।
সোমবাৰেও ৰহা আঞ্চলিক ছাত্ৰ সন্থাই পুনৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ৰহা আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত সোমবাৰে ৰহা বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে এক গণ বিক্ষোভ কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বিদ্যুৎ বিভাগ মুৰ্দাবাদ আদি ধ্বনি দি উত্তাল কৰি তোলে বিদ্যু্ৎ বিভাগৰ কাৰ্যালয়।
প্ৰায় এঘণ্টীয়া এই প্ৰতিবাদৰ অন্তত আছুৱে মুখ্যমন্ত্ৰী, শক্তিমন্ত্ৰী আৰু বিদ্যুৎ বিভাগৰ মুখ্য প্ৰৱন্ধকলৈ সুকীয়া সুকীয়াকৈ এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে। লগতে কোনো কাৰণতে গৃহস্থৰ ঘৰত স্মাৰ্ট মিটাৰ সংযোগ নকৰিবলৈ বিদ্যুৎ বিভাগক সকীয়াই দিয়ে। আছুৰ এই প্ৰতিবাদী কাৰ্যসূচীত তিৱা ছাত্ৰ সন্থা, মহিলা, ছাত্ৰ-ছাত্ৰী আদিয়েও অংশগ্ৰহণ কৰে।
Also Read: ধুবুৰীত ৰাইজে আটক কৰে এটা গভাইত চোৰ...