ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত মাৰ্কাজ একাডেমী আলিটাঙনীৰ শিক্ষাৰ্থীৰ সাফল্য

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত মাৰ্কাজ একাডেমী আলিটাঙনীৰ শিক্ষাৰ্থীৰ সাফল্য
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ হোজাইস্থিত মাৰ্কাজুল মা আৰিফৰ তত্বাৱধানত দেশৰ বিভিন্ন প্ৰান্তত চলি থকা অৰ্দ্ধশতাধিক মাৰ্কাজ একাডেমী শিক্ষানুষ্ঠানৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত অলপতে "চিৰাতুন নবী অনুষ্ঠান" শীৰ্ষক সমাৰোহ অনুষ্ঠিত হয়। ৰাজ্যৰ ৫৩ খন বিদ্যালয়ৰ অংশগ্ৰহণেৰে কেন্দ্ৰীয়ভাৱে হোজাইত অনুষ্ঠিত উক্ত সমাৰোহত আলিটাঙনী মাৰ্কাজ একাডেমীৰ শিক্ষাৰ্থীসকলে কেইবাটাও বঁটা লাভ কৰে।

সেই উপলক্ষে নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান আলিটাঙনি মাৰ্কাজ একাডেমীত মঙলবাৰে পুৱা এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত চিৰাতুন নবী অনুষ্ঠানৰ বক্তৃতা প্ৰতিযোগিতাত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আলিয়া চিদ্দিকাই তৃতীয় স্থান , কুইজ প্ৰতিযোগিতা সপ্তম শ্ৰেণীৰ ছাত্ৰী চাদিয়া ৰাইছা আৰু মেহেক শ্বামিমে তৃতীয় স্থান, বক্তৃতা প্ৰতিযোগিতাত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ নিহাল ৰিয়াদে চতুৰ্থ স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।

শিক্ষানুষ্ঠানৰ অধ্যক্ষ ইফতিকাৰ হাছানে আঁত ধৰা অনুষ্ঠানত কৃতিমান ছাত্ৰ- ছাত্ৰীসকলক গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত মাৰ্কাজ একাডেমী আলিটাঙনীৰ শিক্ষাৰ্থীৰ সাফল্য
ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ উদ্যোগত বিশ্ব ভূমি দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in