নগাঁৱত মাধ্যম আন্দোলনৰ ছহিদ অনিল বৰাক স্মৰণ

ছহিদৰ ত্যাগৰ মূল্যায়ন আঞ্চলিক শক্তিৰ দ্বাৰাহে সম্ভৱ -গিৰীন্দ্ৰ কুমাৰ বৰুৱা
নগাঁৱত মাধ্যম আন্দোলনৰ ছহিদ অনিল বৰাক স্মৰণ
নগাঁৱত মাধ্যম আন্দোলনৰ ছহিদ অনিল বৰাক স্মৰণ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও: অসম গণ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আজি মাধ্যম আন্দোলনৰ ছহিদ অনিল বৰাৰ স্মৃতি দিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অগপ নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে, জাতীয় ছহিদসকলৰ ত্যাগৰ মূল্যয়ন সম্ভৱ কেৱল আঞ্চলিক শক্তিৰ দ্বাৰাহে।

ছহিদ অনিল বৰাৰ স্মৃতি দিৱসত দলৰ নগাঁও জিলা সমিতিৰ হৈ আন সদস্যসকলৰ সৈতে শ্ৰদ্ধাঞ্জলি তৰ্পন কৰি বৰুৱাই উল্লেখ কৰে যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ যিদৰে বহু ব্যক্তিয়ে ত্যাগ স্বীকাৰ কৰিছিল তদ্ৰুপ এতিয়াও স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো অসম আৰু অসমীয়াৰ স্বাৰ্থত এচাম লোকে সমাজ আৰু দেশৰ বাবে ত্যাগ কৰি আছে। এই ত্যাগৰ মূল্যক অসম গণ পৰিষদ দলে জন্মলগ্নৰ পৰা সন্মান জনাই আহিছে। সেইবাবে ছহিদৰ ইচ্ছা আৰু আকাংক্ষা পূৰণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ বুলি বৰুৱাই মন্তব্য কৰে।

লগতে আজিৰ এই ক্ষণত অসমীয়া ভাষা চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক কৰিবৰ বাবে চৰকাৰক তেওঁ দাবী জনায়। নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি অসমৰ ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ দ্বিতীয় ছহিদ অনিল বৰাক স্মৰণ কৰা হয়।

নগাঁও চহৰৰ নেহৰুবালিৰ সমীপৰ ছহিদ স্মাৰক ক্ষেত্ৰত ছহিদগৰাকীক স্মৰণ কৰা হয়। বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা অনুষ্ঠানত ছাত্র সন্থাৰ বিষয়ববীয়াৰ লগতে কেবাগৰাকী বিশিষ্ট লোকে ছহিদগৰাকীৰ ত্যাগৰ কথা উল্লেখ কৰি কয় যে, অনিল বৰা এগৰাকী দূৰদৃষ্টি সম্পন্ন শক্তিশালী ছাত্ৰ নেতা আছিল।

অসমীয়া ভাষা ৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিয়া মাধ্যম আন্দোলনৰ ছহিদ অনিল বৰাৰ ত্যাগৰ সঠিক মূল্যায়ন কৰা সময় সমাগত বুলি উল্লেখ কৰি তেওঁলোকে কয় যে চৰকাৰে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিলেহে মাধ্যম আন্দোলনৰ ছহিদসকলৰ ত্যাগে সাৰ্থকতা লাভ কৰিব।

সদৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি নৱজ্যোতি কাকতি আৰু সাধৰণ সম্পাদক দুলাল শৰ্মাই অনুষ্ঠাননৰ আঁতধৰে। সন্ধিয়া বন্তি প্ৰজ্বলন অনুষ্ঠানত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰাকে ধৰি কেবাজনো ছাত্ৰ নেতাই অংশগ্ৰহণ কৰে।

ইপিনে ছহিদগৰাকীৰ জন্মস্থান পলাসনীত পলাসনী ক্ৰীড়া সন্থাৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনিল বৰাক স্মৰণ কৰা হয়। পুৱা ছহিদ অনিল বৰাৰ প্ৰতিমূৰ্তিত মাল্যপ্ৰদান কৰাৰ পিছত স্মৃতিচাৰণ অনুষ্ঠান অনুস্থিত হোৱাৰ লগতে বিভিন্ন ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

নগাঁৱত মাধ্যম আন্দোলনৰ ছহিদ অনিল বৰাক স্মৰণ
পূজাৰ পূৰ্বে দুৰ্গা প্ৰতিমা ধ্বংসঃ আৱামী লীগৰ নেতাক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in