ডিজিটেল সংবাদ, কঠীয়াতলী: অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ কঠীয়াতলী খণ্ড উন্নয়ন বিষয়া শ্বেতা শৰ্মাৰ নেতৃত্বত খণ্ডটোৰ সকলো বিষয়া-কৰ্মচাৰীয়ে হাতে হাতে ঝাড়ু লৈ কঠীয়াতলী অৰ্ধ সাপ্তাহিক বজাৰত দেওবাৰে চাফাই অভিযান চলাই।
১ অক্টোবৰৰ দিনটোত ১ ঘণ্টা চাফাই কৰিলেই নহ'ব সদায় নিজৰ ঘৰ, কাৰ্যালয়ত এনে ব্যৱস্থা গ্ৰহণ কৰিলেহে স্বচ্ছ ভাৰত গঢ়িব পৰা যাব বুলি খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে মন্তব্য কৰে ।
দেওবাৰৰ এই স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰে সহকাৰী খণ্ড উন্নয়ন বিষয়া বাবুল বনিক, কঠীয়াতলী আঞ্চলিক পঞ্চায়ত সভাপতি দীপামনি দাস, গাননিক বিষয়া খনিন্দ্ৰ হাজৰিকা, ৰঞ্জন বৰুৱাৰ লগতে বহু বিষয়া কৰ্মচাৰী আৰু অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তিসকল এই কাৰ্যসূচীত উপস্থিত থাকি কাৰ্যসূচী সফল কৰি তোলে।
Also Read: আৰক্ষী সঞ্চালক প্ৰধানৰৰ গুৰুত্বপূৰ্ণ মন্তব্য : প্ৰত্যাহাৰ হ'ব এ এফ এচ পি এ