চাকৰি দিয়াৰ নামত ধন লৈ গ্ৰেপ্তাৰ শিক্ষক

চাকৰি দিয়াৰ নামত ধন লৈ গ্ৰেপ্তাৰ শিক্ষক
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও : চাকৰি দিয়াৰ নামত ধন লৈ গ্ৰেপ্তাৰ হৈছে এগৰাকী শিক্ষক ৷ নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষক লক্ষ্যজ্যোতি বৰাক ৷

লক্ষ্যজ্যোতি বৰা নগাঁও চহৰত মুন বৰা বুলি পৰিচিত ৷ হয়বৰগাঁৱস্থিত বাসভৱনৰ পৰা লক্ষ্যজ্যোতি বৰাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ইতিমধ্যে সোধা-পোচা কৰি আছে বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে শুকুৰবাৰে নগাঁও জিলা আৰক্ষী অধীক্ষকে এই গ্ৰেপ্তাৰৰ সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰি ঘটনা বিৱৰণী আগবঢ়ায় ৷ গ্ৰেপ্তাৰ হোৱা শিক্ষকগৰাকী নগাঁৱৰে পূব চিলনি মুক্তাব বিদ্যালয়ৰ শিক্ষক ৷ শিক্ষকজনৰ বিৰুদ্ধে চাৰিজন লোকৰ পৰা চাকৰিৰ পৰা ধন লোৱাৰ অভিযোগ উঠিছে ৷

চাকৰি দিয়াৰ নামত ধন লৈ গ্ৰেপ্তাৰ শিক্ষক
অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি : বটদ্ৰৱাত আনন্দৰ বন্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in