জখলাবন্ধাত মৰেল পুলিচৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিঃৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ...

জখলাবন্ধাত মৰেল পুলিচৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিঃৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ...

author-image
Asomiya Pratidin
New Update
জখলাবন্ধাত মৰেল পুলিচৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিঃৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ...

জখলাবন্ধাত মৰেল পুলিচৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিঃৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ...

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ জখলাবন্ধাত মৰেল পুলিচৰ ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিশাৰ ভাগত পৰিবেশ ইমানেই উত্তাল হৈ পৰে যে, অভিযুক্তসকলক গ্ৰেপ্তাৰৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী ৰাইজে জখলাবন্ধা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷

উল্লেখ্য যে, কলিয়াবৰৰ জখলাবন্ধাত যোৱা নিশা স্থানীয় এগৰাকী মানসিক ৰোগীক কেইজনমান ব্যৱসায়ীয়ে খুঁটাত বান্ধি মাৰপিত কৰা ঘটনাই এক চেপা উত্তেজনাই বিৰাজ কৰে ৷ ঘটনাটো চৌপাশে বিয়পি পৰাৰ লগে লগে মৰেল পুলিচৰ ৰূপত দেখা দিয়া জখলাবন্ধাৰ ব্যৱসায়ী দেৱেন বৰা, ৰাজামণি বৰা, শেখৰ ভট্ৰা আৰু কমলেশ ভট্ৰাকো ৰাইজে সহজ ভাৱে ল'ব পৰা নাই।

জানিব পৰা মতে বিশেষ ভাৱে সক্ষম(মানসিক ৰোগী) লোকজনক লাইটৰ পোষ্টত বান্ধি কেইবাঘন্টা ধৰি মাৰপিট কৰিলে ব‍্যৱসায়ী তথা মৰেল পুলিচ ৰূপী দলটিয়ে। মানসিক ৰোগীজনক কলিয়াবৰ সৰুভগীয়াৰ দিলীপ কটকী (ৰাবু) বুলি জানিব পৰা গৈছে ।

পাছত স্থানীয় সচেতন ব‍্যক্তিয়ে মেৰেল পুলিচ ৰূপী ব‍্যৱসায়ী কেইজনক বাধা প্ৰদান কৰি আৰক্ষীক খবৰ দিয়ে। জখলাবন্ধাৰ আৰক্ষীয়ে নিশাৰ ভাগতে ঘটনাস্থলীত উপস্থিত হৈ মানসিক ৰোগীজনক চিকিৎসাৰ বাৱে কলিয়াবৰ মহকুমাৰ চিকিৎসালয়ত ভৰ্তি কৰায় ৷

পাছত মানসিক ৰোগী জনে যদি কিবা অপৰাধ কৰিছিল আৰক্ষীক চমজাই নিদিলে কিয় বুলি প্ৰশ্ন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে সচেতন ব্যক্তি কেইজনে। তদ্ৰুপ আজি দিনৰ ভাগতো উক্ত ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰে ৷

ইতিমধ্যে সামাজিক মাধ্যমত মৰেল পুলিচগিৰিৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছতো আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহন নকৰাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ সেয়েহে আজি নিশাৰ ভাগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী ৰাইজে অভিযুক্তসকলক গ্ৰেপ্তাৰৰ দাবী তুলি ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি কলিয়াবৰ আৰক্ষী হায় হায়, এছ ডি পি অ’ গ’ বেক, দেবেন বৰাক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷

উপায়বিহীন হৈ দিশহাৰা আৰক্ষীয়ে অবশেষত শেখৰ ভট্টা নামৰ অভিযক্ত ব্যক্তিজনক আটক কৰে ৷ পিছত ঘটনাস্থলীত দণ্ডিধীশ উপস্থিত হৈ আন জন অভিযুক্ত দেবেন বৰাক এঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ প্ৰতিশ্ৰুতি দিয়াত হে পৰিস্থিতি শাম কাটে ৷

Also Read: টিহুত কামৰূপী লোকগীত আৰু জ্যোতিসংগীতৰ কৰ্মশালা আৰম্ভ...

কলিয়াবৰ জখলাবন্ধা