ৰ'দে-বৰষুণে,মুকলি আকাশৰ তলত নৱম শ্ৰেণীৰ ছাত্ৰী বাবে অনা চাইকেল

ৰ'দে-বৰষুণে,মুকলি আকাশৰ তলত নৱম শ্ৰেণীৰ ছাত্ৰী বাবে অনা চাইকেল
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : বিয়াগোম শিক্ষা বিভাগে নৱম শ্ৰেণীৰ ছাত্ৰীলৈ আগবঢ়োৱা এক বৃহৎ সংখ্যক চাইকেল নগাঁৱত দীৰ্ঘদিন ধৰি ৰ'দে-বৰষুণে পৰি থকা ঘটনাই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মুকলি আকাশত তলত পৰি আছে এই সমূহ চাইকেল।

শিক্ষা বিভাগৰ এক সূত্ৰই জনোৱা মতে, নগাঁও জিলাৰ ২৪৩ খন উচ্চ মাধ্যমিক আৰু ৬৩ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ বিপৰীতে এই চাইকেলসমূহ বিতৰণ কৰিবৰ বাবে ৰখাই থোৱা হৈছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অৰ্থাৎ ২০২২-২৩ বৰ্ষৰ বাবে আবন্টিত জিলাখনৰ মুঠ ২৭৬ খন শিক্ষানুষ্ঠানৰ প্ৰায় কুৰি সহস্ৰাধিক ছাত্ৰীৰ মাজত এই চাইকেলসমুহ বিতৰণ কৰা হ'ব।

ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই হিতাধিকাৰীৰ তালিকাসমূহ জিলা বিদ্যালয়সমূহৰ সংমণ্ডল পৰিদৰ্শকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে। এই তালিকাসমূহৰ ভিত্তিত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জিলাই জিলাই ঠিকাদাৰী প্ৰতিষ্ঠানৰ জৰিয়তে চাইকেলসমূহ প্ৰেৰণ কৰিছে।

এইদৰে নগাঁও জিলাৰ বিদ্যালয়সমূহলৈয়ো নিৰ্দিষ্ট পৰিমাণৰ চাইকেল প্ৰেৰণ কৰা হৈছে। এইখিনিলৈ ঠিকেই আছে। কিন্তু আচৰ্যজনক বিষয় এই যে, বিগত প্ৰায় এমাহ দিন ধৰি জিলাখনৰ খাগৰিজান শিক্ষা খণ্ডৰ অধীনস্থ বিদ্যালয়সমূহলৈ বিতৰণ কৰিব লগা চাইকেল নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় চৌহদৰ মুকলি পথাৰত ৰখাই থোৱা হৈছে।

ফলত ৰ'দে-বৰষুণে কেইবা সহস্ৰাধিক চাইকেলত মামৰে ধৰিবলৈ আৰম্ভ কৰিছে। আনকি বহু চাইকেলৰ টায়াৰ, টিউব ৰ’দত বিষ্ফোৰণ হৈছে ৷ একেদৰে জিলাখনৰ প্ৰতিটো প্ৰাথমিক শিক্ষা খণ্ড এলেকাৰ এক নিৰ্দিষ্ট স্থানত দীৰ্ঘদিন ধৰি চাইকেলসমূহ মুকলি আকাশৰ তলত পেলাই থোৱাৰ অভিযোগ উঠিছে।

জানিব পৰা মতে, নগাঁৱত মন্ত্ৰী-বিধায়কৰ উপস্থিতিত কেন্দ্ৰীয়ভাৱে এই চাইকেলসমূহ আনুষ্ঠানিকভাৱে চাইকেল বিতৰণ কাৰ্যসূচীৰ পিছতহে ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ'ব। ইয়াৰ বাবে দিন-বাৰ এতিয়াও ঠিক কৰিবলৈ সক্ষম হোৱা নাই জিলা প্ৰশাসন তথা শিক্ষা বিভাগ।

ফলত এই চাইকেলসমূহ বিদ্যালয় কৰ্তৃপক্ষলৈ এই পৰ্যন্ত প্ৰেৰণ কৰিব পৰা নাই। ইপিনে, এইদৰে বিগত বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰীক বিতৰণ কৰিব লগা ছাত্ৰীগৰাকী বৰ্তমান দশম শ্ৰেণীত পঢ়ি আছে আৰু দশম শ্ৰেণীৰ শিক্ষাবৰ্ষৰ ৬মাহ উকলি গৈছে।

তেনেক্ষেত্ৰত মেট্ৰিক পৰীক্ষালৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ প্ৰাকমুহূৰ্তত ছাত্ৰীসকলৰ মাজত এতিয়ালৈকে শিক্ষা বিভাগে চাইকেলসমূহ বিতৰণ কৰিব নোৱাৰাটো এক ব্যৰ্থতা হিচাপে বিবেচিত হৈছে। এই কাণ্ডকলৈ সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সেয়েহে ৰ'দে-বৰষুণে পৰি থকা চাইকেলসমূহ অতি শীঘ্ৰে বিতৰণ কৰিবলৈ সচেতন মহলে শিক্ষা বিভাগ তথা চৰকাৰক দাবী জনাইছে।

ৰ'দে-বৰষুণে,মুকলি আকাশৰ তলত নৱম শ্ৰেণীৰ ছাত্ৰী বাবে অনা চাইকেল
জালুকবাৰী আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in