ডিজিটেল সংবাদ,নগাঁও : লাওখোৱা-বুঢ়াচাপৰি অভয়াৰন্যৰ মাটি দখল কৰি অবৈধ ভাবে বসবাস কৰা লোকক উচ্ছেদ কৰাৰ পিছত উচ্ছেদিত লোকলৈ চৰকাৰৰ পুৰস্কাৰ ৷ লাওখোৱা বুঢ়াচাপৰি বনাঞ্চল ধ্বংশ কৰি বনভূমি বেদখল কৰা লোকক ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উচ্ছেদ কৰিছিল ৷ অভয়াৰণ্যত চলা বেদখল উচ্ছেদক লৈ সন্তোষ্টি প্ৰকাশ কৰিছিল প্ৰকৃতি প্ৰেমীসকলে ৷ উচ্ছেদৰ বাবে চৰকাৰীভাৱে ব্যাপক প্ৰচাৰ চলাই জনমত গঠন কৰা হৈছিল ৷
শেহতীয়াকৈ বনভূমিৰ উচ্ছেদৰ পিছত চৰকাৰে সন্তৰ্পনে বেদখলকাৰীলোকক ভূমি আবন্টন দিছে ৷ বেদখলকাৰী ৯৪ টা পৰিয়ালক দিয়া হৈছে মাটিৰ পট্টা ৷ ৯৪ টা পৰিয়ালৰ ভিতৰত ৫৬ টা পৰিয়াল হৈছে ধিং চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ ৷ এই ৫৪ টা পৰিয়ালত ভূমি প্ৰদান কৰা হৈছে ধিং বৰবিল কছাৰীগাঁৱত ৷ প্ৰতিজনত প্ৰদান কৰা হৈছে ১ কঠা ১০ লোচাকৈ মাটি ৷ ইতিমধ্যে ধিং চক্ৰবিষয়াই ৫৪ টা পৰিয়ালৰ হাতত মাটিৰ পট্টা তুলি দিছে ৷
ইফালে ৰূপহীহাট ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত উচ্ছেদিত ৩৮ টা পৰিয়ালত মাটিৰ পট্টা প্ৰদান কৰিব বিছৰা হৈছে ৷ জুৰীয়া মৌজাৰ চিতলমাৰী পথাৰত এই সকল পৰিয়ালক মাটি প্ৰদান কৰা হ'ব ৷ নগাঁৱৰ উপায়ুক্তৰ মোহৰ পৰিলে এই পৰিয়াল কেইটাৰ হাতত তুলি দিয়া হ'ব মাটিৰ পট্টাৰ নথি ৷
Also Read: অসম আন্দোলনৰ ফলশ্ৰুতিত স্থাপন হোৱা ধিঙৰ 'চেকক্ৰাফ্ট' উদ্যোগৰো মাটি ৰামদেৱৰ দখলত