ডিজিটেল সংবাদ, নগাঁওঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নগাঁও চহৰৰ চাৰিখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলে ৰাজ্য খনৰ ভিতৰত বিশেষ স্থান অধিকাৰ কৰে । এই লৈ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই নগাঁও চহৰৰ বিশেষ স্থান প্ৰাপ্ত শিক্ষানুষ্ঠা কেইখনত শুকুৰবাৰে উপস্থিত হয়। স্বাস্থ্য মন্ত্ৰী মহন্তই নগাঁও চহৰৰ ৰামানুজন, নৱৰূপ, কনচেপ্ট আৰু আলফা-বিটা কনিষ্ঠ মহাবিদ্যালয়ত উপস্থিত হৈ শিক্ষানুষ্ঠান সমূহৰ শিক্ষাগুৰু সকলক কৃৰ্তজ্ঞতা জ্ঞাপন কৰে ।
লগতে মন্ত্ৰীগৰাকীয়ে বিশেষ স্থানপ্ৰাপক শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে । মন্ত্ৰী কেশৱ মহন্তই কয় যে, "সদ্য ঘোষিত ফলাফলত নগাঁৱৰ ঈৰ্ষণীয় ফলাফলে আমাক গৌৰৱান্বিত কৰি তুলিছে। শিক্ষাৰ্থীসকলৰ পৰিশ্ৰম আৰু ত্যাগৰ বিনিময়ত জিলা খনে এই গৌৰৱ কঢ়িয়াই আনিছে আৰু নগাঁও বাসীক ৰাজ্য বাসীৰ ওচৰত শিৰ উচ্চ কৰি থাকিবলৈ সুবিধা প্ৰদান কৰিছে।"
Also Read: নগাঁৱৰ ন গৰাকী নৃত্য শিল্পীৰ সফলতা...