উৰিয়াগাঁও খেলপথাৰ উন্নয়নৰ সাহাৰ্যাৰ্থে আজিৰে পৰা আৰম্ভ হুঁচৰি পৰিৱেশন

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে " অসমীয়া প্ৰতিদিন" কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত
উৰিয়াগাঁও খেলপথাৰ উন্নয়নৰ সাহাৰ্যাৰ্থে আজিৰে পৰা আৰম্ভ হুঁচৰি পৰিৱেশন
Published on
Updated on

ডিজিটেল সংবাদ ,বঢ়মপুৰ : ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কুৰি বছৰ আগতে থলুৱা ৰাইজৰ ভূমি পানীৰ দৰত ক্ৰয় কৰি তথাকথিত উন্নয়নৰ নামত বৃহত্তৰ অঞ্চলটোৰ আৰ্থ-সামাজিক দিশৰ লগতে জৈৱ-বৈচিত্র্যলৈকো ভাবুকি কঢ়িয়াই আনিলে। ফলশ্রুতিত উজনি-নামনি তথা বৰাক-ব্ৰহ্মপুত্ৰৰ পৰা অহা যাত্ৰীৰ সংযোগস্থল মধ্য- অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ ঠাই নগাঁও জিলাৰ উৰিয়াগাঁৱে স্বকীয় মর্যাদা হেৰুৱাই পেলাইছে।

উদাহৰণস্বৰূপে,স্বাধীনতা আন্দোলনৰ পৰা শেহতীয়া ‘কা’ আন্দোলনলৈকে, তিনিয়োটা বিহু উদযাপনৰ পৰা খেল-ধেমালি, উৎসৱ-পাৰ্বন, ভ্ৰাম্যমাণ থিয়েটাৰ অনুষ্ঠিত কৰালৈকে, দৈনিক শৰীৰচৰ্চা কৰা একমাত্র খেলপথাৰখনো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অধিগ্ৰহণ কৰি পেলোৱাত অঞ্চলটোৰ নৱপ্ৰজন্ম বিপথগামী হোৱাৰ লগতে চাৰিখন অগ্রণী বিদ্যালয়ৰ ক্ৰীড়াৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছে।

সেয়েহে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সবল প্ৰচেষ্টাত খেলপথাৰখন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা ঘূৰাই অনা সংগ্ৰামত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিয়ে পূর্ণ মাত্রাই সহযোগিতা আগবঢ়াই আহিছে।

উল্লেখ্য যে ,ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উৰিয়াগাঁও চ'কৰ কেওকাষে অধিগ্ৰহণ কৰি থোৱা ভূমি বহিঃৰাজ্যৰ বনিয়াগোষ্ঠীক গতাই দিয়া কাৰ্যৰ বিৰোধিতাৰে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই একেধাৰে সংগ্ৰাম চলে। ইয়াৰ প্ৰতি সন্মান জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত আৰু মন্ত্ৰী পীযূষ হাজৰিকাৰ লগতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ উপস্থিতিত যোৱা ১৬ ফেব্ৰুৱাৰীত নগাঁও আৱৰ্ত ভৱনত অঞ্চলটোৰ ৰাইজৰ লগত হোৱা আলোচনা হয়।

সেইমৰ্মে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা ভূমিখিনি অসম চৰকাৰলৈ ঘূৰাই আনি উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিক হস্তান্তৰ কৰিবলৈ নগাঁও জিলা উপায়ুক্তক দায়িত্বভাৰ অৰ্পণ কৰে। সেয়েহে খেলপথাৰখন ব্যৱহাৰযোগ্য কৰি ৰখাৰ দায়িত্বস্বৰূপে বর্তমান খেলপথাৰখনত ভূমি ভৰ্তিৰ কাম চলি আছে।

বাৰিষাৰ আগে আগে ভূমি পূৰণৰ কাম ক্ষীপ্ৰগতিত সমাধাৰ উদ্দেশ্য আৰু খেলপথাৰখনৰ উন্নয়নৰ সাহাযাৰ্থে আজিৰ পৰা ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উৰিয়াগাঁও আঞ্চলিক সমিতি আৰু উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সহযোগত অঞ্চলটোৰ উৰিয়াগাঁও , ভোটাইগাঁও , গোমোঠাগাঁও , মাজউৰিয়াগাঁও , পহুকটা , চুতীয়াগাঁও আৰু মৰঙীয়াল গাঁও আদি বিভিন্ন নিৰ্ধাৰিত স্থানত তিনিদিনীয়াকৈ হুঁচৰি পৰিৱেশনৰ দিহা কৰে ।

সেই উপলক্ষে শুকুৰবাৰে অনুষ্ঠানৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াই বিহুৰ পতাকা উত্তোলন আৰু সম্পাদক ৰাজ হাজৰিকাৰ দ্বাৰা শ্বহীদ তৰ্পন কৰাৰ পাছত বিয়লি ২ বজাৰ পৰা উৰিয়াগাঁও খেলপথাৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠান আৰু হুঁচৰি পৰিৱেশনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে " অসমীয়া প্ৰতিদিন" কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু বিশিষ্ট শিক্ষাবিদ মোহিনীমোহন ডেকা ।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই উৰিয়াগাঁৱৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সন্দৰ্ভত অঞ্চলটোৰ বিভিন্ন স্মৃতি বিজড়িত অনুষ্ঠানৰ বিষয়ে ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে । লগতে তেওঁ উদ্যোক্তা আৰু উৰিয়াগাঁওৰ নৱপ্ৰজন্ম তথা স্থানীয় ৰাইজে খেলপথাৰখন পুনৰজ্জীৱিত কৰাৰ স্বাৰ্থত লোৱা এই শক্তিশালী তথা বিশেষ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ।

উদ্বোধনী সভাৰ পাছতেই বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ বয়োজ্যেষ্ঠৰ পৰা কণ-কণ শিশুলৈকে সকলোৱে একেলগে উৰিয়াগাঁও চ'কত হুঁচৰি আৰু বিহু পৰিৱেশনেৰে সমগ্ৰ পৰিৱেশ জীপাল কৰি তোলাৰ লগতে উৰিয়াগাঁৱৰ নিৰ্ধাৰিত স্থান সমূহত গৈ তেওঁলোকে হুঁচৰি পৰিৱেশন কৰে । আজিৰ অনুষ্ঠানত উৰিয়াগাঁৱৰ জ্যেষ্ঠ ব্যক্তি ক্ৰমে অকণ চন্দ্ৰ বৰা , পীতাম্বৰ শইকীয়া , পদুম বৰুৱা , জয়ন্ত গোস্বামী , ললিত হাজৰিকা , নাৰায়ণ চন্দ্ৰ বণিয়া , সত্যপ্ৰসাদ শৰ্মা , উৎপল বৰা আদিকে প্ৰমুখ্যে কৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

উৰিয়াগাঁও খেলপথাৰ উন্নয়নৰ সাহাৰ্যাৰ্থে আজিৰে পৰা আৰম্ভ হুঁচৰি পৰিৱেশন
অসমী আইৰ পূণ্যভূমিত ঐতিহাসিক মূহুৰ্তৰ সাক্ষী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in