নগাঁৱত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত চিন্তন বৈঠক

নগাঁৱত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত চিন্তন বৈঠক
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰত অৱস্থিত নগাঁও জিলা পেন্সনাৰ সন্থাৰ কাৰ্যালয়ত দেওবাৰে সচেতন নাগৰিক মঞ্চৰ উদ্যোগত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত আলোচনা কৰিবলৈ এক চিন্তন বৈঠক অনুষ্ঠিত হয়। নৱ্য গঠিত সংগঠনটোৰ মুখ্য আহ্বায়ক, প্ৰাক্তন বিধায়ক তথা অধ্যাপক মজিবুৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত হয় বৈঠকখন

বৈঠকত বিশিষ্ট সমাজকৰ্মী ইক্ৰামুল হুদাই নিজৰ মন্তব্য দাঙি ধৰি কেতবোৰ মন্তব্য কৰে। তেঁও কয় যে মুছলমানসকলে নিজৰ জিভা কাটি যুগ যুগ ধৰি অসমৰ মাটিত থাকি ইয়াৰ বায়ু পানীৰ সৈতে সম্পূৰ্ণ ৰূপে বিলিন হৈ যোৱাৰ পিছতো এই জনগোষ্ঠীটো দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণে লাঞ্চিত বঞ্চিত হৈ আছে।

শেহতীয়াকৈ এজন এজনকৈ লোকক ম্যাদী পট্টাৰ ভূমিৰ পৰাও উচ্ছেদ আৰম্ভ কৰিছে। আনকি, এই উচ্ছেদৰ পৰা হাত সাৰি যোৱা নাই ধৰ্মীয় অনুষ্ঠান মছজিদ-মাদ্ৰাছাও। কিন্তু ইয়াৰ কোনো বিচাৰ নাই। বন্দুকৰ টিগাৰ কেৱল মুছলমানৰ ওপৰত বুলি হুদাই আক্ষেপ কৰি উদাত্তভাৱে কয় যে আমি এতিয়া জীয়াই থকাৰ অধিকাৰ বিচাৰি নাইবা ন্যায়ৰ অধিকাৰ বিচাৰিবলৈ ঐক্যবদ্ধ হোৱাৰ গত্যান্তৰ নাই ।

একালৰ সংখ্যালঘু নেতা তথা প্ৰাক্তন বিডিঅ' নজৰুল ইছলামে কয় যে আৰ এছ এছৰ নিৰ্দেশত এটা নিৰ্দিষ্ট দলক নিৰ্বাচনত জয়ী কৰাবলৈ কেৱল সংখ্যালঘু লোক টাৰ্গেট কৰি চৰকাৰ-প্ৰশাসনে এটাৰ পিছত এটা অগণতান্ত্ৰিক কাম কৰি আছে। এনে এক জটিল পৰিস্থিতিত সংখ্যালঘু সকলক আবেগিক নহৈ চিন্তা বুদ্ধিৰে কাম কৰিব লাগিব।

বৰ্তমানৰ চৰকাৰখনে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশো মনা নাই বুলি উল্লেখ কৰি ইছলামে লগতে কয় যে বৰ্তমান সময়ত কোনেও উচটনিমুলক বক্তব্যত পতিয়ন যাব নালাগে। জ্যেষ্ঠ নাগৰিক চৰকাৰ গিয়াছ উদ্দিন আহমেদে কয় যে ধৰ্মীয় সংখ্যালঘু সকলে ১৯৫১ চনৰ পৰা অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া ভাষা-সংস্কৃতিৰ লগত মিলি যোৱাৰ পিছতো তেওঁলোকৰ একাংশ‌ই এই জনগোষ্ঠীটোক সুবিধা দিয়াতো দূৰৈৰ কথা আগুৱাই যোৱাটোও বিচৰা নাই।

সংগঠনৰ সমন্বয়ক ফজলুল হক মৰলে উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত সু-চিকিৎসক ডাঃ নজৰুল ইছলামে কয় যে সাম্প্ৰতিক পৰিস্থিতিত আমি আবেগৰ পৰিৱৰ্তে বিবেকেৰে আগবাঢ়িব লাগিব। তেওঁ নৱ প্ৰজন্মৰ লোকক নতুন দিক দৰ্শন দি পিছপৰা সমাজখনক আগুৱাই নিয়াৰ চেষ্টাত ব্ৰতী হবলৈ আহ্বান জনায়।

বিশিষ্ট চিকিৎসক ডাঃ ৰিয়াজ উদ্দিন আহমেদে কয় যে আমাৰ দীৰ্ঘদিনীয়া তথা শেহতীয়াকৈ সৃষ্টি কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সৰ্বগ্ৰহনযোগ্য সমাধান সুত্ৰ ওলাব লাগিব। এই ক্ষেত্ৰত চিন্তাশীল ব্যক্তিৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজনীতিৰ উদ্ধত থাকি আমি অৰাজনৈতিক ভাবে আগবাঢ়ি যাব লাগিব।

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সমাজকৰ্মী নুৰুল আমিন চৌধুৰীয়ে কয় যে ধৰ্মীয় সংখ্যালঘু সকল অসমৰ বুকুত বসবাস কৰি থকাৰ এক ৫০০ বছৰীয়া বৰ্নিল পৰিক্ৰমা আছে। ইয়াৰ ইতিহাস অধ্যায়ন কৰি এক তথ্য সম্বলিত প্ৰতিবেদন লৈ দেশৰ গণতান্ত্ৰিক মনোভাৱপন্ন সাংসদক সাক্ষাৎ কৰিব লাগে। যাতে তেওঁ লোকে বিষয়-বস্তু সমূহ দেশৰ সংসদৰ মজিয়াত উত্থাপন কৰিব পাৰে।

তেওঁ সংখ্যালঘু সমস্যাসমূহ দেশৰ মানৱ অধিকাৰ সংগঠনৰ লগতে ৰাষ্ট্ৰ সংঘৰ মজিয়াত লৈ যোৱাৰ পৰামৰ্শ আগবঢ়ায়। আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি মোশ্বাৰফ হুছেইন কবিৰে কয় যে অসমত বৰ্তমান সংখ্যালঘু আৰু সংখ্যাগুৰুৰ মাজত সংঘাত লগাবলৈ এটা চক্ৰ‌ই অহৰহ চেষ্টা অব্যাহত ৰাখিছে।

বিশেষকৈ উজনি-নামনি, হিন্দু-মুছলমান আদিৰ নামত ভাগ ভাগ কৰাৰ পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰি অসমৰ বাতাবৰণ বিনষ্ট কৰি আছে। এনে পৰিস্থিতিত আমি গণতান্ত্ৰিক চিন্তাধাৰাৰ অন্য ধৰ্মৰ লোকক লৈ আগবাঢ়ি যাব লাগিব বুলি আমছুৰ নেতা গৰাকীয়ে মন্তব্য কৰে। অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবু নছৰ ৱাহিদে কয় যে ধৰ্মীয় সংখ্যালঘুৰ শ্ৰমিক শ্ৰেণীৰ একাংশ লোকক সন্দেহযুক্ত লোকৰ লেবেল লগাই চৰকাৰীভাৱে অত্যাচাৰ আৰম্ভ কৰা হৈছে।

ধৰ্মীয় সংখ্যালঘু সকলৰ ইতিহাস ব্যাখ্যা কৰি তেওঁ কয় যে এই জনগোষ্ঠীৰ লোক সকল যিহেতু হিন্দুৰ পৰা ধৰ্মান্তৰিত হৈছে, সেয়েহে তেওঁলোক কেনেকৈ সাধাৰণ শ্ৰেণীৰ লোক হ'ব পাৰে বুলি প্ৰশ্ন কৰে। উক্ত সভাত ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক ক্ৰমে আব্দুল আজিজ, মজিবুৰ ৰহমান, অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল ছুবুৰ আহমেদ, বিশিষ্ট নাগৰিক জয়নাল আবদিন, একালৰ সংখ্যালঘু নেতা কামাল উদ্দিন, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ক্ৰমে আবুল হুছেইন, আব্দুল হান্নান লস্কাৰ প্ৰমুখ্যে ভালে কেইগৰাকী বিশিষ্ট ব্যাক্তিয়ে ভাষণ ৰাখে।

জিলাখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ কেবা শতাধিক বিশিষ্ট নাগৰিক উপস্থিত থকা চিন্তন বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই অনুসৰি, ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক লৈ ইছলাম ধৰ্মীয় ৰাইজ শংকিত আৰু উদ্বিগ্ন। ইয়াৰ ফলত সৃষ্টি হ'ব পৰা যিকোনো ধৰণৰ পৰিস্থিতি প্ৰতিৰোধৰ হকে ৰাজ্যখনত সমন্বয়-সম্প্ৰীতি ৰক্ষা কৰাত সংখ্যাগুৰু বৌদ্ধিক সমাজৰ সহযোগিতা বিচাৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে।

লগতে আজিৰ সভাই পৱিত্ৰ সংবিধানৰ নামত শপত খোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ৰাজধৰ্ম পালন আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক আইনৰ সঠিক প্ৰয়োগৰ বাবে আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। তদুপৰি, ৰাজ্যত সঘনাই সংঘটিত আৰক্ষীৰ গুলিচালনাৰ ঘটনা, এনকাউন্টাৰ আৰু আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা প্ৰতিটো ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰা ।

তদুপৰি, সামাজিক সংহতি বিনষ্ট কৰিব পৰা কথা কৈ বিভিন্ন পক্ষৰ যি সকল লোকে বক্তব্য প্ৰদান কৰি পৰিৱেশ কুলষিত কৰি আছে, তেওঁলোকক গৰিহণা দি ভৱিষ্যতে এনে বিভাজন কামী কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দি আন এক প্ৰস্তাৱ গ্ৰহণ কৰে। ৰাজ্যখনত শেহতীয়াকৈ কেৱল মাত্ৰ এটা বিশেষ সম্প্ৰদায় লোকক টাৰ্গেট কৰি অমানৱীয় তথা বৰ্বোৰোচিত আৰু ন্যায়ৰ বাধা নিষেধকো অগ্ৰাহ্য কৰি চলোৱা উচ্ছেদ কাৰ্যক সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ কাৰ্য বন্ধ কৰাৰ দাবী জনাই প্ৰস্থাৱ গ্ৰহণ কৰে।

আনহাতে, সমাজৰ পৰা কু-সংস্কাৰ আৰু অপৰাধ নিৰ্মূল কৰাৰ বাবে মছজিদ-মাদ্ৰাছা, খানকাহ, তবল্লিক জামাত আদি অনুষ্ঠানৰ সহযোগত সচেতনতা মুলক অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

নগাঁৱত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত চিন্তন বৈঠক
ৰঙিয়াত প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মাৰ স্মাৰক বক্তৃতানুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in