অসমীয়া ভাষা সৰলীকৃত কৰিব লাগিব : ড০ দয়ানন্দ পাঠক

অসমীয়া ভাষা সৰলীকৃত কৰিব লাগিব : ড০ দয়ানন্দ পাঠক

নগাঁৱত সাহিত্য সভাৰ চিন্তন বৈঠক
Published on

ডিজিটেল সংবাদ , নগাওঁ : সাম্প্ৰতিক অসমৰ ভাষা-সাহিত্য-সংস্কৃতিলৈ অহা সংশয় আৰু সমাধান বিষয়ক এক চিন্তাগধুৰ বৈঠক শনিবাৰে নগাঁৱত অনুষ্ঠিত হয় । নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত এই চিন্তন বৈঠকখনি অনুষ্ঠিত হয় ।

দিনৰ ১১-০০ বজাৰ পৰা আৰম্ভ হোৱা চিন্তন বৈঠকত বিশিষ্ট সাহিত্যিক , শিক্ষাবিদ ড০ দয়ানন্দ পাঠকে কয় যে অসমীয়া ভাষা সৰলিকৃত কৰিব লাগিব । সৰলীকৰণ যদি নহয় তেনেহ’লে নতুন প্ৰজন্মই অনীহা প্ৰকাশ কৰিব । নতুন পুৰুষে অসমীয়া ভাষা নিশিকিব । তেতিয়া ভাষাটো জীয়াই থকাত সমস্যা হ'ব ।

নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত চিন্তন বৈঠকখনি আঁত ধৰে ৰাজীৱ হাজৰিকাই । ৰেবত হাজৰিকাই উদ্দেশ্য বাখ্যা কৰা চিন্তন বৈঠকখনিৰ আদৰনি ভাষণ আগবঢ়াই ঠগিত মহন্তই ।

অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য কান্ত হাজৰিকাই “ সাম্প্ৰতিক অসমৰ ভাষা সাহিত্য সংস্কৃতিলৈ অহা সংশয় আৰু সমাধান “ শীৰ্ষক চিন্তন বৈঠকখনি উদ্বোধন কৰে । উদ্বোধক ড০ হাজৰিকাই কয় যে ভাষা সাহিত্য সংস্কৃতি সংশয়ৰ মাজলৈ আগবাঢ়িছে । ই বহু গুনে বৃদ্ধি পাইছে ।

চৰকাৰী কাৰ্যালয়ত প্ৰয়োগৰ ওপৰত গুৰুত্ব দি ড০ হাজৰিকাই কৰ্ট , কাছাৰীত অসমীয়া ভাষা প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। তেঁও কয় যে আদালতত বিচাৰ প্ৰক্ৰিয়া অসমীয়া মাধ্যমত কৰা হয় কিন্তু গোচৰৰ সাক্ষী আদি ইংৰাজীত লিখা হয় । ড০ ভূপেন হাজৰিকাই গীতৰ মাজেৰে সচেতন হ'বলৈ আহ্বান জনাইছিল অসমীয়া জাতিক ।

উল্লেখ্য যে চিন্তন বৈঠকৰ সঞ্চালক আছিল ড০ বসন্ত গোস্বামীয়ে । ড০ গোস্বামীয়ে কয় যে ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ বাবে ক্ষন্তেকীয়া আবেগৰে কাম কৰিলে নহ’ব । আবেগেৰে কাম কৰিলে সফলতা নাহে । লগতে কয় যে সামাজিক মাধ্যমে অসমীয়া ভাষা সাহিত্য সংস্কৃতিক ক্ষতি সাধন কৰিছে সামাজিক মাধ্যমৰ পৰা তথ্য লাভ কৰিব পাৰি । কিন্তু তত্ব লাভ কৰিব নোৱাৰি ।

সঞ্চালক ড০ গোস্বামীয়ে লগতে কয় যে বিদ্যায়তনিক আন্তঃগাঁঠনি আমাক লাগিব । বিদ্যায়তনিক আন্তঃগাঁঠনি নথকাৰ বাবে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবোৰত শিক্ষাৰ্থী নোহোৱা হৈছে । ভাষাটোলৈ সংকট আহিছে ।

শিল্পীৰ প্ৰসঙ্গত তেখেতে কয় যে অসমত এতিয়া শিল্পী পাবলৈ নাই । গায়কহে পোৱা যায় । শিল্পীৰ মূল লক্ষ্য হৈছে সমাজক আলোকিত কৰা । ৰাজ্যখনত এতিয়া শিল্পীৰ অনুষ্ঠান দেখিবলৈ পোৱা নাযায় । দেখা পোৱা যায় চকী ভঙা উৎসৱহে ।

চিন্তন বৈঠকত ভীমবৰ দেউৰী বঁটাপ্ৰাপক মিলেশ্বৰ পাতৰে কয় যে আমি সমাধান সুত্ৰ উলিওৱাত ব্যৰ্থ । যদি উলিওৱা হৈছে তেনেহ’লে কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছো । জাতীয় চেতনা অবিহনে এটা জাতি , ভাষা , সংস্কৃতি সুদৃঢ় নহয় । জাতীয় চেতনা , সামাজিক দায়বদ্ধতাৰে কাম কৰিব লাগিব ।

সমালোচক , শিক্ষাবিদ ড০ প্ৰদ্যুম্ন গোস্বামীয়ে কয় যে নব্য প্ৰজন্মক অসমীয়া ভাষা , সাহিত্য , সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব । অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শৈক্ষিক আন্তঃগাঁঠনি বহু পিছ পৰি ৰৈছে । এই আন্ত:গাঠনি উন্নত কৰিব লাগিব ।

অৰ্থনৈতিক অনগ্ৰসৰতাৰ বাবেও ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰিছে । আমাৰ অৰ্থনৈতিক মেৰুদণ্ড সু দৃঢ় কৰিব লাগিব । চিন্তন বৈঠকত বিশিষ্ট অধিবক্তা নেকিবুৰ জামান উপস্থিত থাকি আলোচনা আগবঢ়ায় ।

প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই বক্তব্য আগবঢ়াই অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ৫০ নম্বৰৰ বাধ্যতামূলক অসমীয়া প্ৰশ্নকাকতখনি প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় । বৈঠকত ডা০ গিৰিশ সন্দিকৈ , ড০ উপেন্দ্ৰজিৎ শৰ্মা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ।

উল্লেখযোগ্য যে চিন্তন বৈঠকতে একাধিক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । প্ৰস্তাৱ অনুসৰি সকলো জিলাতে চিন্তন বৈঠকত অনুষ্ঠিত কৰাৰ প্ৰস্তাব গ্ৰহণ কৰা হয়।

একেদৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা আৰু বিভিন্ন জনগোষ্ঠীৰ মাতৃভাষাক লৈ ৫০ নম্বৰকৈ মুঠ ১০০ নম্বৰৰ প্ৰশ্নকাকত বাধ্যতামূলক কৰাৰ ব্যৱস্থা ল'বলৈ প্ৰস্তাব গ্ৰহণ কৰা হয়।

তাৰোপৰি চৰকাৰী বাহন - বেচৰকাৰী বাহনত অসমীয়া ভাষা ব্যৱহাৰ , ফলক-বেনাৰত অসমীয়া ব্যৱহাৰৰ লগতে শুদ্ধভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত চকু দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় , সাহিত্য সভাৰ সকলো শাখাই সংকটৰ নিৰাময়ৰ বাবে পদক্ষেপ গ্ৰহণ কৰা আদি প্ৰস্তাৱ গ্ৰহণ কৰে ।

অসমীয়া ভাষা সৰলীকৃত কৰিব লাগিব : ড০ দয়ানন্দ পাঠক
বিহালী স্নাতক মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ মন্ত্ৰী পীযুষ হাজৰীকাৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in