উচ্ছেদিত বুঢ়াচাপৰি বনাঞ্চলত বাঘৰ মুক্ত বিচৰণঃ মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ফটো...

উচ্ছেদিত বুঢ়াচাপৰি বনাঞ্চলত বাঘৰ মুক্ত বিচৰণঃ মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ফটো...

author-image
Asomiya Pratidin
New Update
উচ্ছেদিত বুঢ়াচাপৰি বনাঞ্চলত বাঘৰ মুক্ত বিচৰণঃ মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ফটো...

উচ্ছেদিত বুঢ়াচাপৰি বনাঞ্চলত বাঘৰ মুক্ত বিচৰণঃ মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ফটো...

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে উচ্ছেদ অভিযান চলোৱা বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত দেখা পোৱা গৈছে ঢেকিয়াপতীয়া বাঘ। সংৰক্ষিত বনাঞ্চলখনৰ পৰা বেদখলকাৰীক খেদাই পঠিওৱাৰ পাছতেই উক্ত অঞ্চলত বাঘে মুক্ত বিচৰণ কৰিছে।

যোৱা ৭ আৰু ৯ মাৰ্চত উক্ত বনাঞ্চলখনত বাঘৰ উপস্থিতি ধৰা পৰিছে তাত সংস্থাপন কৰা কেমেৰাত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুঢ়াচাপৰি বনাঞ্চলত দেখা পোৱা ঢেকিয়াপতীয়া বাঘৰ দুখন প্ৰতিচ্ছবি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰীয়ে লিখিছে, ঘৰলৈ ঘূৰি আহিছে বাঘ। লগতে তেওঁ এই কথাও উল্লেখ কৰে যে, ৰাজ্যৰ জীৱকুলৰ ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব আৰু বনাঞ্চলসমূহত চলা বেদখল প্ৰতিৰোধ কৰাত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিব।

উল্লেখ্য যে, সংৰক্ষিত বনাঞ্চলখনত উচ্ছেদ কৰাৰ নিশাই কেমেৰাত বন্দী হৈছিল বন্য হস্তীৰো দৃশ্য। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই দৃশ্যও সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছিল।

Also Read: গুজৰাট বিধানসভাত বিবিচিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ...

বুঢ়াচাপৰি ঢেকিয়াপতীয়া বাঘ