নিশাৰী নৈৰ তাণ্ডৱ : কঠীয়াতলী-কামপুৰ পথৰ যাতায়ত ব্যাহত

নিশাৰী নৈৰ তাণ্ডৱ : কঠীয়াতলী-কামপুৰ পথৰ যাতায়ত ব্যাহত
Published on
Updated on

ডিজিটেল সংবাদ,কঠীয়াতলী : শুকুৰবাৰৰ পৰা নিশাৰী নৈৰ প্ৰলয়ংকাৰী বানত ডুব গৈছৈ কামপুৰৰ বহু অঞ্চল। কামপুৰ - কঠীয়াতলী পথৰ বহু ঠাইত পথৰ ওপৰৰে পানী বাগৰাত পথটো বৰ্তমান যোগাযোগ ব্যাহত হৈ পৰে।

নিশাৰী নৈয়ে হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰি এঘণ্টাৰ ভিতৰতে তেঁতেলীসৰা, নিজ কঠীয়াতলী,মাজৰআতি, বৰহোলাকে আদি কৰি অৰ্ধশতাধিক গাঁও জলমগ্ন কৰি তোলে। বহু বিদ্যালয়ত আশ্ৰয় শিবিৰ স্থাপন কৰাৰ লগতে ছাত্ৰ -ছাত্ৰীসকল বানৰ কবলত পৰাৰ বাবে বিদ্যালয় বন্ধ কৰিছে দিছে প্ৰশাসনে।

বহুলোকৰ বাসগৃহত পানী সোমোৱাত নিশাই ঘৰৰ সা-সামগ্ৰী লৈ ৰাজপথ অথবা বিদ্যালয় গৃহত আশ্ৰয় লবলগীয়া হৈছে।

নিশাৰী নৈৰ তাণ্ডৱ : কঠীয়াতলী-কামপুৰ পথৰ যাতায়ত ব্যাহত
দেশত কোনে গঠন কৰিব চৰকাৰ? এক্সিট পোলে দিছে ডাঙৰ ইংগিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in